নিয়ৰসনা গধূলিত আমোলমোলাই ফুলিছে শেৱালি ৷ মলয়া বতাহত ৰিবৰিবকৈ নাচিছে কহুৱাই ৷ এয়াই যেন শাৰদী ৰাণীৰ আগমণৰ বতৰা ৷ শাৰদীয় বতৰ মানেই দুর্গোৎসৱৰ আনন্দ ৷ এইবাৰো ইয়াৰ ব্যতিক্ৰম নহয় ৷ আজি ষষ্ঠী ৷ পুৱা ৮ বাজি ১৭ মিনিট ৪০ ছেকেণ্ডত দেৱীৰ ষষ্ঠাদি কল্পাৰম্ভ হৈছে । সন্ধিয়া দেৱীৰ আমন্ত্ৰণ, অধিবাস। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণ, শংখ-ঘণ্টা-উৰুলিৰ মংগলময় ধ্বনিৰে পূজাৰ বেদীত স্থাপিত হ’ব দশভূজাৰ মৃন্ময় প্ৰতিমা। দেৱীৰ বন্দনাৰে মুখৰ হৈ পৰিব ৰাজ্যৰ আকাশ–বতাহ।
প্ৰবাদ অনুসৰি মহালয়াৰ দিনা ধৰাৰ বুকুলৈ নামি আহে দুর্গতিনাশিনী ৷এইবাৰ দেৱীৰ আগমন ঘটিছে ঘোঁৰাত আৰু গমনো কৰিব ঘোঁৰাত। মহালয়াৰ পৱিত্ৰ ক্ষণত দেৱীৰ মৰ্ত্যলৈ আগমনৰ লগে লগে আৰম্ভ হয় নৱৰাত্ৰি। ষষ্ঠী, সপ্তমী, অষ্টমী, নৱমীৰ বিহিত পূজাৰ পিছত ২৪ অক্টোবৰত দশমীত ভক্তই বিদায় দিব মা দূর্গাক ৷
ইতিমধ্যে ৰাজ্যজুৰি দেখা গৈছে ব্যাপক উছাহ–উদ্দীপনা। গুৱাহাটী মহানগৰীৰ লগতে সমগ্ৰ ৰাজ্যতে পূজাক ব্যাপক উচাহ-উদ্দীপনাই বিৰাজ কৰিছে ৷ চমক লগা আলোকসজ্জাৰে ‘সজাই পৰাই তোলা হৈছে বৃহৎ বৃহৎ মণ্ডপ ৷ক’ৰবাত যদি কেদাৰনাথৰ আৰ্হিত মণ্ডপ সজোৱা হৈছে ক’ৰবাত আকৌ কলকাতাৰ দক্ষিণেশ্বৰী মন্দিৰৰ আৰ্হিত মণ্ডপ নির্মাণ কৰা হৈছে ৷ ৰাম মন্দিৰ, লণ্ডন ব্ৰীজ, চন্দ্ৰযানকে ধৰি বিভিন্ন আর্হিত নির্মাণ কৰা হৈছে মণ্ডপ ৷
শক্তিপীঠ কামাখ্যাত নৱৰাত্ৰি উপলক্ষে অনুষ্ঠিত হৈছে কুমাৰী পূজা। আজি ৬ গৰাকী কুমাৰীক পূজা কৰা হ’ব কামাখ্যা ধামত। পূজা উপলক্ষে সুন্দৰকৈ ফুলেৰে সজাই–পৰাই তোলাই হৈছে মা কামাখ্যাৰ মন্দিৰ।