ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নির্দেশ দিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ৰ সময়তে খানাপাৰাত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছতে মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জিপি সিঙক নির্দেশ দিছে ৷
এক্সত মুখ্যমন্ত্ৰী গৰাকীয়ে লিখিছে ‘‘এইবোৰ অসমীয়া সংস্কৃতিৰ অংশ নহয়। আমি এখন শান্তিপূৰ্ণ ৰাজ্য। এনে নক্সালবাদী কৌশল আমাৰ সংস্কৃতিৰ বাবে অচিনাকি। মই অসম আৰক্ষীৰ সঞ্চালকপ্ৰধানক গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছো। “ ৰাহুল গান্ধীয়ে সমৰ্থকসকলক উত্তেজিত কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নির্দেশ দিয়া হৈছে বুলিও তেওঁ উল্লেখ কৰে ৷ ডঃ শর্মাই লগতে কয় যে আইনৰ হাত বহুত দীঘল, ৰাহুল গান্ধীৰো কাষ চাপিব বুলি সকীয়াই দিয়ে ৷
উল্লেখ্য যে ৰাহুল গান্ধীক গুৱাহাটীত প্ৰৱেশত বাধা দিয়াৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃ্ষ্টি হয় ৷ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰিছিল লাঠীচালনা। আৰক্ষীৰ বেৰিকেড ভাঙি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল একাংশ কংগ্ৰেছ সমৰ্থকে।