নদীদ্বীপ মাজুলীৰ ঐতিহ্যমণ্ডিত বৰ এলেঙী সত্ৰৰ সত্ৰাধিকাৰ , সত্ৰীয় সংস্কৃতিৰ বিদগ্ধ পণ্ডিত শ্রীশ্রী ভৱানন্দ দেৱ গোস্বামীৰ আজি দেহাৱসান ঘটে ৷ পুৱা জি এম চি এইছত চিকিৎসাধীন অৱস্থাতে বৈকুণ্ঠ প্ৰয়াণ ঘটে সত্ৰাধিকাৰগৰাকীৰ। বার্ধক্যজনিত সমস্যাৰ বাবে তেওঁক জিএমচিএইছত ভর্ত্তি কৰোৱা হৈছিল ৷
কেইবা দশক ধৰি মাজুলীৰ আধ্যাত্মিক জীৱন, সমাজ জীৱন, জাতীয় জীৱন সমৃদ্ধ কৰা এই গৰাকী বিশিষ্ট পণ্ডিত ‘ভৱ গোঁসাই’ হিচাপেও পৰিচিত আছিল । সত্রাধিকাৰৰ শ্রীশ্রী ভৱানন্দ দেৱ গোস্বামীৰ দেহাৱসানত সমগ্ৰ ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে ৷
মৃত্যুৰ সময়ত সত্রাধিকাৰজনৰ বয়স আছিল ৮৫ বছৰ। ১৯৮৬ চনৰে পৰা সত্রাধিকাৰ আসন অলংকৃত কৰিছিল তেওঁ । আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ট ভৱানন্দ দেৱ গোস্বামীৰ মৃত্যুত শোকাভিভুত হৈ পৰিছে মাজুলী বাসী ৷
তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ এক শোকবার্তাত তেওঁ কয় –“মাজুলীৰ শ্ৰীশ্ৰী বৰ এলেঙী সত্ৰৰ পৰম পূজ্য সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামী প্ৰভুৰ মহাপ্ৰয়াণৰ খবৰটি শুনি অতিশয় মৰ্মাহত হৈছোঁ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ একান্ত অনুগামী দেৱ গোস্বামী প্ৰভুৰ জাতীয় জীৱনলৈ অৱদান অসমবাসীয়ে চিৰদিন স্মৰণ কৰিব৷ তেখেতৰ বৈকুণ্ঠগামী আত্মাৰ চিৰশান্তিৰ অৰ্থে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনালোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷ “