গুৱাহাটী মহানগৰীত নির্মাণ হ’ব আন এখন উৰণ সেতুঁ ৷ বিৰুবাৰী-লাল গণেশ সংযোগী হ’ব এই উৰণ সেতুখন ৷গুৱাহাটী মহানগৰীৰ লালগণেশত স্থাপন হ’বলগীয়া উৰণসেঁতুৰ আধাৰশিলা আজি স্থাপন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷
৩৭৬ কোটি টকা ব্যয়ৰে নির্মাণ কৰা হ’ব উৰণসেঁতুখন ৷ অঞ্চলটোত দীৰ্ঘদিন হৈ অহা যান-জঁট হ্ৰাস কৰাৰ লগতে যোগাযোগ সুচল কৰাৰ লক্ষ্যৰে এই প্ৰকল্প নিৰ্মাণৰ লক্ষ্য লৈছে ৰাজ্য চৰকাৰে ৷
বৃহস্পতিবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘলৰ উপস্থিতিত প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে ৷ প্ৰায় ২.৮৪ কিলোমিটাৰ দৈৰ্ঘৰ হ’ব উৰণ সেতুখন৷ সেতুখনৰ বহল ১২ মিটাৰ৷ ৩ লেনযুক্ত সেতুখন নিৰ্মাণ হলে দীৰ্ঘদিনৰ বহু যান-জঁট সমস্যা ৰোধ হ’ব বুলি আশা কৰা হৈছে ৷ ইতিমধ্যে কেবিনেটত এই উৰণ সেঁতুখন নির্মাণৰ বাবে প্ৰস্তাৱত অনুমোদন দিয়া হৈছে ৷