অসমৰ সাহিত্যক্ষেত্ৰখনক সৃষ্টিশীল চৰ্চাৰে সমৃদ্ধ কৰি অহা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিভিন্ন ভাষাৰ সাহিত্যিকসকলক ৰাজ্য চৰকাৰে প্ৰতিবছৰে সন্মানিত কৰি আহিছে। এই বছৰো প্ৰথিতযশা কথাশিল্পী হোমেন বৰগোহাঞিদেৱৰ ৯২সংখ্যক ওপজা দিনটোত ৰাজ্য চৰকাৰে ২৩গৰাকী বিশিষ্ট সাহিত্যিকক ২০২৩ বৰ্ষৰ সাহিত্য বঁটা/পেন্সন প্ৰদানেৰে সন্মানিত কৰে।
উচ্চ শিক্ষা বিভাগৰ উদ্যোগত আয়োজিত অনুষ্ঠানত মহীৰূহগৰাকীলৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ২৩গৰাকী বিশিষ্ট সাহিত্যিকক ২০২৩ বৰ্ষৰ সাহিত্য বঁটা/পেন্সন প্ৰদানেৰে সন্মানিত কৰে। জনতা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয় সভাগৃহত অনুষ্ঠিত এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মন্ত্ৰী ডাঃ ৰণোজ পেগু, জয়ন্ত মল্ল বৰুৱা, শিক্ষা উপদেষ্টা ড০ ননী গোপাল মহন্তৰ সৈতে উপস্থিত থাকে ৷
২০২৩ বৰ্ষৰ সাহিত্য বঁটা/পেন্সন প্ৰদানেৰে সন্মানিত কৰা ব্যক্তি কেইগৰাকী হৈছে –সীতাৰাম বসুমতাৰী,জয়া দেৱ,চম্পালাল সিনহা, বগেন গগৈ,অনুপমা নাইদিং,ডঃ পৰিতোশ চক্ৰৱর্তী,ডঃ মলিনা ৰাভা,জুলা শর্মা,চেনিৰাম গগৈ,ডঃ মালিনী,ডঃ অংকন চন্দ্ৰ শইকীয়া, বিনন্দ শর্মা পূজাৰী,ৰাজলক্ষ্মী খাউণ্ড,অনিল কুমাৰ বৰুৱা,ডঃনন্দিতা দেৱী, জয়ন্ত মাধৱ বৰা,ৰেণুকা বিশ্বাস,প্ৰতিমা নন্দী নার্জাৰী, বিজয় ৰবি দাস,দিলীপ কুমাৰ বৰুৱা,জ্ঞান বাহাদুৰ ছেত্ৰী,সুমিত্ৰা গোস্বামীআৰু মোহন সোণোৱাল ৷