VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বহিঃৰাজ্যৰ ব্যক্তিৰ হাতৰ মুঠিত ৰাজ্যৰ বিশ্ববিদ্যালয়, জাতীয় অনুষ্ঠানৰ সংকটত উদ্বিগ্ন কংগ্ৰেছ

voicedesk by voicedesk
September 4, 2023
in মুখ্য সংবাদ
বহিঃৰাজ্যৰ ব্যক্তিৰ হাতৰ মুঠিত ৰাজ্যৰ বিশ্ববিদ্যালয়, জাতীয় অনুষ্ঠানৰ সংকটত উদ্বিগ্ন কংগ্ৰেছ
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

“জাতি মাটি আৰু ভেটি ৰক্ষাৰ আভুৱা ভৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ  অসম বিৰোধী কাৰ্য কলাপৰ বলী হৈছে অসমৰ সমূহ বিশ্ববিদ্যালয়  ৷ বিশ্ববিদ্যালয় সমূহ হৈছে সমাজৰ  ৰাজহাড় স্বৰূপ আৰু জাতি আৰু মানব সম্পদ গঢ়াৰ মন্দিৰ l  কিন্তু অতি পৰিতাপৰ বিষয় যে অসমৰ এই জাতীয় অনুষ্ঠান সমূহত বৰ্তমান চৰকাৰৰ পৃষ্ঠপোষকতাত চলিছে অনা অসমীয়াৰ দপদপনি ৷ “- এই মন্তব্য মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰৰ ৷ ৰাজীৱ ভৱনত এখন সংবাদমেলত তেওঁ প্ৰকাশ কৰা অনুসৰি বৰ্তমান অসমৰ চাৰি খনকৈ বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰৰ ব্যক্তি   ৷  যি সমূহ ব্যক্তিৰ অসমৰ সৈতে নাই কোনো সম্পৰ্ক, নাই কোনো বিশেষ কৰ্ম দক্ষতা l  বৰ্তমান চৰকাৰৰ তথা তদানীন্তন ৰাজ্যপালে জগদীশ মুখীৰ কার্যকালত অসমৰ হৃদপিণ্ড স্বৰূপ জাতীয় অনুষ্ঠান সমূহক কিছুমান বহিৰাগত অদক্ষ মানুহৰ হাতত তুলি দি সোনকালেই এই অনুস্থান সমূহ ধবংস কৰি ব্যক্তিগত খণ্ডৰ বিশ্ব বিদ্যালয় সমূহক শক্তিশালী কৰাৰ নিকৃষ্ট  ৰাজনীতি কৰিছে। আনকি বৰ্তমান অসমৰ বিশ্ব বিদ্যালয় সমূহৰ উপাচাৰ্য বাছনি সমিতিৰ অধ্যক্ষ হিচাপে অনা হৈছে অসমৰ বাহিৰৰ ব্যক্তি।

 

ই অসমীয়া ৰ বাবে অতি লজ্জ্বাজনক আৰু অসমৰ বৌধিক সমাজক চুড়ান্ত অপমান বুলিও বৰঠাকুৰে মন্তব্য কৰে ৷ তেওঁ কয় – “অসমত উপাচাৰ্যৰ বাবে উপযুক্ত ব্যক্তিৰ অভাৱ হল নেকি?  ই হিন্দী লবীক শক্তিশালী কৰি ভৱিষ্যতে বিশ্ব বিদ্যালয় সমূহত অসমীয়াক এলাগী কৰাৰ চক্ৰান্ত নেকি ? এনে কাৰ্য্যই ৰাজ্যৰ বহুতো উপযুক্ত ব্যক্তিক বঞ্চিত কৰিছে lযোৱা পাঁচ বছৰে ৰাজ্যপাল কাৰ্য্যালয়  উপাচাৰ্য বাছনি সমিতিৰ অধ্যক্ষজন অনা অসমীয়া নিযুক্তি দি আহিছে ।

 

সেই অনুসৰি গুৱাহাটী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য বাছনি সমিতিৰ অধ্যক্ষ আছিল বেদ প্ৰকাশ , ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচৰ্য বাছনি সমিতিৰ অধ্যক্ষ  আছিল অনিল সহস্ৰবুদ্ধে, কটন বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য বাছনি সমিতিৰ অধ্যক্ষ আছিল জগদীশ কুমাৰ, কুমাৰ  ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বাছনি সমিতিৰ অধ্যক্ষ আছিল  শ্ৰীনিবাস ভাৰখেদি , কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য বাছনি সমিতিৰ অধ্যক্ষ আছিল সুষম যাদৱ ।“

 

তেওঁ লগতে কয় যে ইয়াৰ আগতেও ৰাজ্যপালজনে কে কে আগৰৱালা নামৰ ব্যক্তি এজনক ক্ৰমে চাৰিখন বিশ্ব বিদ্যালয় ভত্ত দেৱ বিশ্ব বিদ্যালয়, কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ব বিদ্যালয় আৰু বড়োলেণ্ড বিশ্ব বিদ্যালয়ৰ উপাচাৰ্য বাছনি সমিতিৰ অধ্যক্ষ হিচাপে নিযুক্তি দিছিল। অধ্যক্ষ সকলৰ যোগেদি ৰাজ্যপালজনে জগদীশ মুখীয়ে নিজৰ চিনাকি বহিৰাগত কিছুমান মানুহ অসমৰ বিশ্ব বিদ্যালয় সমূহত উপাচাৰ্য  নিয়োগ কৰিলে ৷ যাৰ ভয়ানক ফল অসমে ভুগিব লাগিব।  তাৰ উদাহৰণ হল শেহতীয়া ভাবে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় ত প্ৰহ্লাদ যোশী নামৰ এজন সুদূৰ কৰ্ণাটকৰ ব্যক্তিক বিশ্ব বিদ্যালয় খনৰ উপাচাৰ্য হিচাপে নিযুক্তি দিছে । যদি এনে হয় অদূৰ ভবিষ্যতে অসম চৰকাৰে অসমত স্থাপন কৰা বিশ্ব বিদ্যালয় সমূহত অনাঅসমীয়াৰ দপ দপনি চলিব আৰু অসমৰ শিক্ষিত যুৱক যুৱতী বিশ্ব বিদ্যালয় সমূহৰ চাকৰিৰ পৰা বঞ্চিত হ’ব ৷ যিহেতু বিশ্ব বিদ্যালয় সমূহত উপাচাৰ্য জনে সৰ্বে সৰ্বা।

 

বৰঠাকুৰে কয়  “এই কাৰ্য অসমৰ বৌদ্ধিক সমাজৰ বাবে চৰম লজ্যজনক। এনে কাৰ্যত অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ  লগতে জাতীয়তাবাদী সংগঠন সমূহৰ নীৰৱতা মন কৰিবলীয়া। বৰ্তমান অসমত কাৰ্য্য নিৰ্বাহ কৰি থকা অনা অসমীয়া উপাচাৰ্য সমূহ হৈছে কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় ত উৰিষ্যাৰ ৰাজেন্দ্ৰ প্ৰসাদ দাস, কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যায়ন বিশ্ববিদ্যালয় ত কৰ্ণাটকৰ প্ৰহ্লাদ যোশী, অসম বিজ্ঞান আৰু অভিযান্ত্ৰিক বিশ্ব বিদ্যালয়ত মধ্য প্ৰদেশৰ নৰেন্দ্ৰ চৌধুৰী আৰু অনিৰুদ্ধ দেৱ খেল বিশ্ব বিদ্যালয়ত জে পি বাৰ্মা।

 

 

আনহাতে কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত কেতবোৰ অৰাজকতা চলা বুলি তেওঁ অভিযোগ কৰে ৷ মীৰা বৰঠাকুৰে কয় –“ আমি সকলোৱে জানো যে কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়খন অসমৰ এখন আগশাৰীৰ বিশ্ববিদ্যালয় আৰু অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমত উচ্চ শিক্ষা প্ৰদান কৰে আৰু তাত বছৰি প্ৰায় ৩৫ হেজাৰ অসমৰ শিক্ষাৰ্থীয়ে নামভৰ্তি কৰে।ৰাজ্যৰ অগ্ৰণী তথা উঠি অহা  শিক্ষা প্ৰতিষ্ঠান কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ভিতৰ চৰাত বৰ্তমান চালিছে চৰম অৰাজকতা।   জীবনত বিভিন্ন পৰিস্থতিৰ সন্মুখীন হৈ উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সুযোগ নোপোৱা ব্যক্তি সকলক উচ্চ শিক্ষাৰ গ্ৰহণৰ ব্যবস্থা কৰি দিয়া আৰু বহু ব্যক্তিৰ উচ্চ শিক্ষাৰ সপোন পূৰ্ণ কৰা অসমৰ উচ্চ শিক্ষাৰ অগ্ৰনী প্ৰতিষ্ঠান আৰু উত্তৰপূৰ্ব ভাৰতৰ একমাত্ৰ মুক্ত বিশ্ব বিদ্যালয় কৃষ্ণকান্ত সান্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়।  যোৱা ২০২২ বর্ষৰ ১১ অক্টোবৰত তদানীন্তন অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয় খনৰ আচাৰ্য জগদীশ মুখীৰ আশীৰ্বাদ পুষ্ট হৈ বক্ৰ পথেৰে ৰাজেন্দ্ৰ প্ৰসাদ দাসে  সুদূৰ ওড়িশাৰ পৰা আহি কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদত যোগদান কৰে।এনেবোৰ কাৰ্য্যই গোটেই জাতীয় অনুষ্ঠান সমূহকে হতাশ কৰিব আৰু মানৱ সম্পদ গঢ় লৈ উঠাত বাধা আহিব ।“

Previous Post

নগাঁৱৰ কামপুৰত মৃত্যু হোৱা মানুহৰ নামত থকা মাটি বিক্ৰী কৰি আৰক্ষী জালত দালাল চক্ৰ

Next Post

মৰিগাৱঁত গা ধুবলৈ গৈ সন্ধানহীন তিনি কিশোৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
শদিয়াৰ অমৰপুৰত ভয়ংকৰ নাঁও দুৰ্ঘটনা, পানীত বাগৰি পৰিল মেজিক-টাটাচুম’

মৰিগাৱঁত গা ধুবলৈ গৈ সন্ধানহীন তিনি কিশোৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7