VOICE 24x7
Friday, May 2, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম

পুৰণিৰ পৰা নতুনলৈকে নাগাৰা নামৰ বিষয়ে বহুতে নজনা কথা

কিশক ৰয় (কিশানু) by কিশক ৰয় (কিশানু)
October 1, 2023
in মুখ্য সংবাদ, প্ৰবন্ধ, সংস্কৃতি
অসমৰ সংস্কৃতিলৈ নাগাৰা নামৰ অৱদান! বৰ্তমান কিয় বিতৰ্কিত হৈ পৰিছে নাগাৰা নাম
0
SHARES
1.9k
VIEWS
Share on FacebookShare on Twitter

অসমীয়া সমাজত নাগাৰা নামৰ দৰে ধৰ্মীয় পৰিবেশ্য কলাবোৰে যুগ-যুগ ধৰি শান্তি আৰু আধ্যাত্মিক পৰিৱেশ বজাই ৰাখিবলৈ সক্ষম হৈছে। নাগাৰা নাম অসমৰ লোকসংস্কৃতিৰ ভিতৰত অন্যতম। সাধাৰণতে, নামনি অসমৰ ফালে নাগাৰা নামৰ প্ৰাধান্য বেছি পোৱা যায়।

নাগাৰা নাম কীৰ্তনেৰে আৰম্ভ কৰা হয়। নৱৰসৰ সমাহাৰ হোৱা নাগাৰা নামত বিভিন্ন ধৰ্মপুথি যেনে, কীৰ্তন, ভাগৱত, পুৰাণ, গীতা ইত্যাদিৰ পৰা কাহিনী এভাগ লৈ ইয়াক নাটকীয় ৰূপ দি ৰাইজৰ মাজত প্ৰচাৰ কৰা হয়।

নাগাৰা নামত দুটাকৈ ডাঙৰ নাগাৰা, তিনি-চাৰিটা সৰু ডুগী বা কুৰকুৰী, পাছ-ছয়যোৰ ভোৰতাল, জুৰি আৰু জাজ ব্যৱহাৰ কৰি নাগাৰা নাম পৰিৱেশন কৰা হয়। নাগাৰা নামত পাঠক জনক কেন্দ্ৰ কৰি পালি সকলে অৰ্ধবৃত্তাকাৰ আকৃতিত বহে আৰু পাঠক জনে মূল নামটো থিয় হৈ পৰিৱেশন কৰে।

প্ৰাচীন কালৰ পৰা নাগাৰা নামৰ জন্মৰ বিষয়ে বহুতো কিংবদন্তী শুনি অহা গৈছে। কিন্তু, এতিয়ালৈকে কোনো গ্ৰন্থ বা পুঠিতে লিখিত ৰূপে পোৱা নাই। নাগাৰা নামৰ কেতিয়া, কেনেকৈ আৰু ক’ত জন্ম হৈছিল সেয়া এতিয়াও ৰহস্যজনক। এচামৰ মতে, মহাপুৰুষ শংকৰদেৱৰ আগৰে পৰাই অসমত এই নাগাৰা নামৰ প্ৰচলন হৈ আহিছে।

আন এচামৰ মতে, নাগাৰা নামৰ জন্ম খতৰা সত্ৰত হৈছিল। মহাপুৰুষ মাধৱদেৱৰ এজন প্ৰিয় শিষ্য গোবিন্দ আতাই ১৫৬৮ চনত খতৰা সত্ৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰবাদ অনুসৰি বৈষ্ণৱ কৃষ্ণ ডেকাই সেই খতৰা সত্ৰতে নাগাৰা নামৰ আৰম্ভণি কৰিছিল। নাগাৰা নামৰ জন্ম সম্পৰ্কে বহুলোকৰ ভিন্ন মতামত আছে, কিন্তু এতিয়ালৈকে কোনেও ইয়াৰ বিষয়ে সঠিক আৰু স্পষ্ট ভাৱে জানিব পৰা নাই। ১৫০০ শতিকাৰ শেষ আৰু ১৬০০ শতিকাৰ আদি ভাগত নাগাৰা নামৰ আৰম্ভণি হোৱা বুলি কোৱা হয়। নৰেশ্বৰ শৰ্মা বৰুৱা নাগাৰা নামৰ প্ৰথম পাঠক বুলি একংশই মত পোষণ কৰে।

নাগাৰা আৰু তালক দেৱ বাদ্য হিচাপে গণ্য কৰা হয়। প্ৰবাদ অনুসৰি নাগাৰা আৰু তাল, এই দুই দেৱবাদ্যৰ উৎপত্তি কাহিনী অনুসৰি দুটা শ্লোক আছে।

নাগাৰাৰ জন্ম কাহিনী শ্লোকঃ-

“বৃহতাকাৰে বিশ্বকৰ্মাই ডবাক স্ৰজিলা,
বলি ৰজাই আনি দবা মৰ্তত ৰাখিলা।
ৰণ বাদ্য আছিল ডবা সত্য-ত্ৰেতা-দ্বাপৰত,
শ্ৰী শংকৰে আনি থলে কীৰ্তন ঘৰত।
দ্বি-স্বৰ হেতু তৈয়াৰ হ’ল কুৰ্কুৰি বা তক্কৰ,
অমিয়া ৰসৰ ঢৌ তুলে নাম সৰোবৰ।।“

তালৰ জন্ম কাহিনী শ্লোকঃ-

“মুল প্ৰকৃতি আহি কাঞ্চ হৈয়া আছে,
যত্নে বিশ্বকৰ্মাই তাল গঢ়িলন্ত পাছে।
অশ্বিনি কুমাৰ দুয়ো ভৈলন্ত কহাৰ,
বৰুণ দেৱতা আহি খুটি হৈলা তাৰ।
চন্দ্ৰ-সুৰ্য্য দুয়ো জগালি ভৈলা আসি,
কুবেৰে ভাটিবে ভিতৰত পসি।
যমে হৈলা এঙাৰ অগ্নি আছে পুৰি,
অনন্ত নিয়ৰি হ’ল ব্ৰহ্মাই হাতুৰী।
কাৰ্তিকে কুণ্ড দিলা বিন্ধে গণপতি,
হাতে ইন্দ্ৰ দেৱে মাতে সৰস্বতী।
স্বপ্নিল ভকতি আহি ভৈলা দুই জৰি,
ৰাম-কৃষ্ণ নাম কৰে সিংহনাদ কৰি।।“

নাগাৰা আৰু তালৰ জন্ম কাহিনী হিচাপে এই দুটা শ্লোকক প্ৰাধান্য দিয়া হয়। আন একাংশই আকৌ, নাগা সকলে নাগাৰাৰ সৃষ্টি কৰা বুলি মত প্ৰদান কৰে। তেওঁলোকৰ মতে, নাগা সকলে সৃষ্টি কৰা বাবেই এই বাদ্যৰ নাম নাগাৰা ৰখা হৈছে।

নাগাৰা নামৰ কিছুমান নিজস্ব ৰীতি, মুদ্ৰা, ভংগীমা, তাল, মান আছে৷ কিন্তু, সময়ৰ পৰিৱৰ্তনৰ লগে লগে নাগাৰা নামক বৰ্তমান সময়ত একাংশ শিল্পীয়ে বিকৃত ৰূপত উপস্থাপন কৰা দেখা গৈছে। একাংশই নাগাৰা নামৰ মূল নীতিৰ পৰা ফালৰি কাটি আহি; কিছু সংখ্যকে দেৱবাদ্য তাল দাতেৰে কামুৰি বজাইছে, নাগাৰা ভৰিৰে বজোৱাও দেখা পোৱা গৈছে। আনহাতে, একাংশ শিল্পীয়ে হিন্দী গীতৰ সুৰো নাগাৰা নামত সংলগ্ন কৰা দেখা গৈছে। যদি এনেকৈয়ে, নাগাৰা নামক বিকৃত ৰূপ দিয়া হয়, তেন্তে হয়তো এদিন নাগাৰা নামৰ অস্তিত্বই নোহোৱা হৈ যাব।

নাগাৰা নামৰ ঐতিহ্য অক্ষুণ্ণ ৰাখিবলৈ আৰু নতুন প্ৰজন্মক প্ৰণালীবদ্ধ শিক্ষা দিবলৈ দৰং জিলাৰ হুছেইন চুবুৰীত “নৰেশ্বৰ শৰ্মা বৰুৱা সোঁৱৰণী নাগাৰা নাম বিদ্যা মন্দিৰ’’ নামেৰে অসমৰ প্ৰথমখন নাগাৰা নামৰ বিদ্যালয় স্থাপন কৰা হৈছে৷ শুদ্ধ ৰাগ-স্বৰলিপিৰ আধাৰত নাগাৰা নামৰ প্ৰশিক্ষণ দিবলৈ কেইগৰাকীমান অভিজ্ঞ নাগাৰা নাম শিল্পীক মনোনীত কৰা হৈছে৷
আশাকৰো, নাগাৰা নাম অসমৰ সংস্কৃতি হিচাপে অচিৰেই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰক। প্ৰতিজন অসমীয়াৰ গৌৰৱ হৈ পৰক নাগাৰা নাম।।

(বিদ্ৰঃ- উপৰোক্ত সকলোবোৰ তথ্য বহুতো ন-পুৰণি নাগাৰা নামৰ শিল্পী, বিভিন্ন সাক্ষাৎকাৰ, গুগল ইত্যাদিৰ পৰা যথা-যথ ভাৱে সংগ্ৰহ কৰা হৈছে। নিজস্ব ভাৱে কোনো তথ্য সংযোজন কৰা হোৱা নাই)

Previous Post

আমিনগাঁৱত ২ কোটি টকাৰ হেৰ’ইনসহ ৫ সৰবৰাহকাৰী গ্ৰেপ্তাৰ, স্পেয়াৰ চকাত গোপনে সৰবৰাহৰ চেষ্টা

Next Post

অমৃত বৃক্ষৰ পৰা অমৃত কলহলৈকেঃ ইটোৰ পাছত সিটো কামৰ বোজা চৰকাৰৰ, উপায়হীন হৈ ছছিয়েল মিডিয়াত ৰাজ্যৰ শিক্ষকৰ কেম্পেইন “আমাক পঢ়াবলৈ দিয়ক”

Related Posts

ভোগালী বিহু আৰু জোনবিল উৎসৱ
সংস্কৃতি

ভোগালী বিহু আৰু জোনবিল উৎসৱ

January 19, 2025
প্ৰবন্ধ

পশ্চিম অসমৰ পুঁহ – মাঘৰ সংক্ৰান্তিত ‘ সোণাৰায় পূজা

January 13, 2025
অতীন্দ্ৰিয়বাদী কবি নলিনী বালা দেৱীৰ সোঁৱৰণত
প্ৰবন্ধ

অতীন্দ্ৰিয়বাদী কবি নলিনী বালা দেৱীৰ সোঁৱৰণত

December 24, 2024
ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিনত শ্ৰদ্ধাৰে সুঁৱৰিছো
প্ৰবন্ধ

ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ জন্ম দিনত শ্ৰদ্ধাৰে সুঁৱৰিছো

December 10, 2024
এক প্ৰগাড় ব্যক্তিত্বৰ অধিকাৰী মামনি ৰয়চম গোস্বামীক শ্ৰদ্ধাৰে সুঁৱৰিছো
প্ৰবন্ধ

এক প্ৰগাড় ব্যক্তিত্বৰ অধিকাৰী মামনি ৰয়চম গোস্বামীক শ্ৰদ্ধাৰে সুঁৱৰিছো

November 29, 2024
বৰভেটি প্ৰকাশনৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান
প্ৰবন্ধ

বৰভেটি প্ৰকাশনৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠান

November 26, 2024
Next Post
অমৃত বৃক্ষৰ পৰা অমৃত কলহলৈকেঃ ইটোৰ পাছত সিটো কামৰ বোজা চৰকাৰৰ, উপায়হীন হৈ ছছিয়েল মিডিয়াত ৰাজ্যৰ শিক্ষকৰ কেম্পেইন “আমাক পঢ়াবলৈ দিয়ক”

অমৃত বৃক্ষৰ পৰা অমৃত কলহলৈকেঃ ইটোৰ পাছত সিটো কামৰ বোজা চৰকাৰৰ, উপায়হীন হৈ ছছিয়েল মিডিয়াত ৰাজ্যৰ শিক্ষকৰ কেম্পেইন “আমাক পঢ়াবলৈ দিয়ক”

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7