গুৱাহাটীৰ কেন্দ্রীয় কাৰাগাৰৰ পৰা পেৰলত যোৱা এজন কয়দী সন্ধানহীন হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । হত্যাৰ অপৰাধত কাৰাবন্দী আছিল মনদ্বীপ ৰাভা। ১২ বছৰ পূর্বে সংঘটিত এক হত্যাকাণ্ডত আদালতে তেওঁক যাবজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত কৰিছিল ৷
শেহতীয়াকৈ এমাহৰ পেৰলত ঘৰলৈ গৈছিল মনদ্বীপ।কিন্তু সময় পাৰ হৈ যোৱাৰ পাছতো তেওঁ ওভতি অহা নাছিল ৷ বকোৰ বাসগৃহৰ পৰা পলায়ন কৰে কয়দীজনে পলায়ন কৰা বুলি জানিব পৰা গৈছে ।মনদ্বীপৰ পলায়নৰ পাছতেই কেন্দ্রীয় কাৰাগাৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ।আৰক্ষীয়েও সন্ধান উলিয়াব পৰা নাই পলাতক অপৰাধীজনৰ।