এপ্ৰিল মাহৰ পৰাই ভাৰতৰ বিভিন্ন প্ৰান্তত প্ৰচণ্ড গৰম অনুভুত হৈছে ৷ ফলত সাধাৰণ জীৱন যাত্ৰা ব্যাহত হৈ পৰিছে ৷বৰষুণ দিলেও গৰমৰ পৰা সকাহ পোৱা নাই ভাৰতৰ বিভিন্ন ৰাজ্যৰ বাসিন্দাসকলে। ইয়াৰ মাজতে বিশেষজ্ঞসকলে নতুন সতর্কবাণী প্ৰকাশ কৰিছে ৷
বিভিন্ন প্ৰতিবেদনত দাবী কৰা অনুসৰি সমগ্ৰ দেশতে উষ্ণতা বৃদ্ধিৰ বাবে বিদ্যুৎ উৎপাদন আৰু যোগানৰ ক্ষতি হ’ব পাৰে। যাৰ প্ৰত্যক্ষ প্ৰভাৱ অৰ্থনীতিত পৰিব পাৰে। অত্যধিক গৰমৰ বাবে মানুহৰ প্ৰাণ হেৰুৱাবও পাৰে।
মৌসম ভৱনৰ মতে অহা দুই-তিনি মাহত পূব-মধ্য আৰু পূব ভাৰত ৰাজ্যত সৰ্বোচ্চ উষ্ণতা স্বাভাৱিকতকৈ অধিক হ’ব পাৰে। উত্তৰ-পূব ভাৰতৰ কিছু অংশতো তাপৰ তীব্ৰতা স্বাভাৱিকতকৈ অধিক হ’ব।
সমগ্ৰ দেশতে বৃদ্ধি পোৱা উষ্ণতাই মানুহৰ জীৱনত এয়াৰ কণ্ডিচনাৰ আৰু বৈদ্যুতিক ফেনৰ চাহিদা আৰু ব্যৱহাৰ বৃদ্ধি কৰিছে। ফলত বিদ্যুৎ কেন্দ্ৰসমূহৰ বিদ্যুৎ গ্ৰীডত হেঁচা পৰিছে। যদি এই পৰিস্থিতি অবিৰতভাৱে অব্যাহত থাকে তেন্তে দেশৰ বিভিন্ন প্ৰান্ততো বিদ্যুৎ বিচ্ছিন্নতাৰ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।
ভাৰতৰ গ্ৰীষ্মকালীন বিধ্বংসী প্ৰভাৱৰ ফলত ঘেঁহু খেতিতো প্ৰভাৱ পৰিছে। বিশ্বব্যাপী ঘেঁহুৰ যোগান প্ৰভাৱিত হৈছে। যাৰ প্ৰত্যক্ষ প্ৰভাৱ অৰ্থনীতিৰ ওপৰত পৰে। বিশেষজ্ঞসকলে এই পৰিস্থিতিৰ বাবে বতৰক দোষাৰোপ কৰে। বিশেষজ্ঞৰ পৰ্যবেক্ষণৰ উপৰিও বিশ্বৰ সৰ্বাধিক জনবহুল দেশ ভাৰতৰ লাখ লাখ লোকে কামৰ সন্ধানত গৰমৰ মাজতো ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে। প্ৰায়ে পৰ্যাপ্ত সুৰক্ষা অবিহনে। ফলত বহু লোক অসুস্থ হ’ব পাৰে। অত্যন্ত গৰমত হিট ষ্ট্ৰ’ক হ’লে মৃত্যু হ’ব পাৰে।
ইতিমধ্যে এইবাৰ ভাৰতত তীব্ৰ উত্তাপৰ সন্মুখীন হৈছে। থাইলেণ্ড আৰু বাংলাদেশতো উষ্ণতা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। খৰাঙৰ কবলত পৰিছে চীনৰ ইউনান প্ৰদেশ। মুঠতে এনে উষ্ণতা বৃদ্ধিয়ে বিশেষজ্ঞসকলক শংকিত কৰি তুলিছে ৷