দেশৰ আটাইটকৈ বয়জ্যেষ্ঠ সাংসদ ছফিকুৰ ৰহমান বার্কৰ দেহাৱসান ঘটিছে । মৃত্যুৰ সময়ত সমাজবাদী পাৰ্টিৰ সাংসদগৰাকীৰ বয়স আছিল ৯৪ বছৰ। দীৰ্ঘদিন ধৰি তেওঁ বার্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল। মঙলবাৰে মোৰাদাবাদৰ এখন চিকিৎসালয়ত তেওঁৰ মৃত্যু হয়। সমাজবাদী পার্টীৰ এক্স হেণ্ডলত লিখিছে, ‘একাধিকবাৰৰ সাংসদ ছফিকুৰ ৰহমান বাৰ্কৰ মৃত্যুত আমি দুখী। তেওঁৰ আত্মাই চিৰশান্তি লাভ কৰক।” এছ পিৰ মুৰব্বী তথা উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অখিলেশ সিং যাদৱে সাংসদ গৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি নিজৰ এক্স হেণ্ডেলত পোষ্ট কৰে।
প্ৰয়াত বার্ক উত্তৰ প্ৰদেশৰ সম্ভল সমষ্টিৰ সাংসদ আছিল। ২০০৯ আৰু ২০১৯ চনত সম্ভলৰ পৰা জয়লাভ কৰি তেওঁ লোকসভালৈ যায়। ইয়াৰ পূৰ্বে ১৯৯৬, ১৯৯৮ আৰু ২০০৪ চনত মোৰাদাবাদ লোকসভাৰ আসনৰ পৰা তেওঁ জয়ী হৈছিল। সম্ভলৰ পৰা চাৰিবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল বার্ক। উত্তৰ প্ৰদেশৰ মন্ত্ৰীও আছিল প্ৰয়াত সাংসদ গৰাকী ৷
দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ হাতত ধৰি ৰাজনীতিত আহিছিল বার্ক ৷ মুলায়ম সিং যাদৱৰ সৈতে এছ পি গঠন কৰা নেতাসকলৰ ভিতৰত তেওঁ আছিল অন্যতম। দেশৰ বিভিন্ন বিষয়ত মুছলমান সমাজৰ বাবে বলিষ্ঠ কণ্ঠস্বৰ হিচাপে সকলো ৰাজনৈতিক দলৰ নেতাই তেওঁক সন্মান কৰে। যোৱা বছৰ সংসদৰ বিশেষ অধিৱেশনত তেওঁক বহি থকা দেখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয়, ‘৯৩ বছৰ বয়সতো সম্ভলৰ সাংসদ ছফিকুৰ ৰহমান বার্ক ইয়াত বহি আছে। এনে হ’ব লাগে সংসদৰ প্ৰতি আনুগত্য।”