কৃষকৰ আয় দুগুণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰাৰ কথা সঘনাই শুনা যায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মুখত ৷ কিন্তু কৃষকৰ আয় দুগুণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিছেনে ৰাজ্যৰ বিয়াগোম কৃষি বিভাগে? এতিয়া বীজৰ অভাৱত খেতি কৰাৰ পৰা বঞ্চিত হৈছে ৰাজ্যৰ এচাম কৃষক ৷ সামাজিক মাধ্যমত অতুল বৰাৰ কৃষি বিভাগৰ এই অৱহেলা সামাজিক মাধ্যমৰ জৰিয়তে উদঙাই দিছে শাসকীয় বিজেপিৰ বিধায়ক মৃণাল শইকীয়াই ৷ তেওঁৰ সমষ্টিৰে এগৰাকী মহিলা কৃষকে খেতিৰ বাবে মাটি সাজু কৰাৰ পাছতো বীজৰ অভাৱত খেতি কৰিব নোৱাৰাৰ কথা টুইটাৰত উল্লেখ কৰিছে ৷
তেওঁ লিখিছে –“খুমটাই বিধানসভা সমষ্টিৰ মামৰণি গাঁৱৰ মন্দিৰা দাস, এগৰাকী কঠোৰ পৰিশ্ৰমী কৃষক।তেওঁৰ মাটি আলু খেতিৰ বাবে সাজু যদিও কৃষি বিভাগৰ পৰা বীজ লাভ নকৰিলে ৷ অঞ্চলটোৰ গ্ৰাম সেৱকে তেওঁক বীজ নাপাব বুলি কৈছে ৷ তেওঁ এতিয়া মাটিখিনিত কি কৰিব নাজানে কাৰণ হাতত বীজ কিনিবলৈ টকা নাই।“ মৃণাল শইকীয়াৰই এই পোষ্ট কৃষিমন্ত্ৰী অতুল বৰাক টেগ কৰি দিয়াৰ লগতে প্ৰতিখন জিলা কৃষি কাৰ্যালয়ে এখন কৃষকৰ তালিকা প্ৰস্তুত কৰিব লাগে বুলি উল্লেখ কৰিছে ৷
She is Mandira Das of Mamoroni village, Khumtai LAC, a hardworking farmer.Her land is ready for potato cultivation but could not get seeds from the #agriculture department. The Gram Sewak of the area bluntly said no to her. She doesn’t know what to do with the land now because… pic.twitter.com/QFPQQi62eq
— Mrinal Saikia (@Mrinal_MLA) October 28, 2023
অৱশ্যে এই পোষ্টৰ পিছতে কৃষিমন্ত্ৰী অতুল বৰাই জিলা কৃষি বিষয়াক ব্যৱস্থা গ্ৰহণৰ নির্দেশ দিছে ৷ কিন্তু কিয় এগৰাকী বিধায়কে বিষয়টো দৃষ্টিগোচৰ কৰাৰ পাছতহে কৃষক গৰাকীয়ে বিভাগৰ পৰা সাহায্য লাভ কৰে ৷ এনে বহু কৃষক হয়তো ৰাজ্যত বীজ লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে