ঢকুৱাখনা মহকুমাৰ ঘিলামৰা আৰক্ষী থানাৰ অন্তৰ্গত মধুপুৰ চাহ বাগিচাত এক শোকাবহ ঘটনা সংঘটিত হৈছে । এহাল প্ৰেমিক প্ৰেমিকাই একেলগে চিপ লৈ আত্মহত্যা কৰা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে ৷
প্ৰাপ্ত তথ্য অনুৰি মধুপুৰ চাহ বাগিচাৰ ১নং লাইনৰ বিক্ৰম মুৰাৰ ১৬ বছৰীয়া পুত্ৰ আৰু গন্ধোৱা মালৰ ১৬ বছৰীয়া কন্যাই একেলগে চিপ লৈ আত্মহত্যা কৰিছে ৷ ঘৰৰ পৰা ওলাই গৈ দুয়োৱে ধেমাজি আৰক্ষী থানাৰ অন্তৰ্গত বৰ আজুহাৰ পথাৰৰ মাজৰ এজোপা গছত একেডাল ৰচীৰে চিপ লৈ আত্মহত্যা কৰে।
বৃহস্পতিবাৰে পুৱাই মাছ মাৰিবলৈ যোৱা গঞাই এই দৃশ্য প্ৰত্যক্ষ কৰি গন্ধীয়া গাঁওৰ গাঁওৰক্ষী বাহিনীক অৱগত কৰে। গাঁওৰক্ষী বাহিনীৰ সভাপতি তিলেশ্বৰ শইকীয়াই ৰাইজৰ সহযোগত ঘটনাস্থলীত উপস্থিত হৈ ধেমাজি সদৰ থানাক অৱগত কৰে ।
অৱশ্যে কি কাৰণত দুয়ো বৃহস্পতিবাৰে পুৱতি নিশা আলিংগনাবদ্ধ অৱস্থাত আত্মহত্যা কৰিলে সেয়া এতিয়াও জানিব পৰা হোৱা নাই ৷ পিন্ধনত প্ৰেমিক যুগলে একে উজ্জল ৰঙা ৰঙৰ জেকেট পৰিধান কৰা প্ৰত্যক্ষ কৰে ৰাইজে ৷ অৱশ্যে আৰক্ষীৰ তদন্তহে সমগ্ৰ তথ্য পোহৰলৈ আহিব ৷