যিসকলে ইতিমধ্যে বুষ্টাৰ ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকে ভাৰত বায়’টেকৰ নাকেৰে লোৱা অথবা নাসিকা কভিড ভেকচিন ইনকভেক গ্ৰহণ কৰিব নোৱাৰে। নেচনেল টেকনিকেল গ্ৰুপ অন ইমিউনাইজেশ্যন (এন টি এ জি আই)ৰ মুৰব্বী এন কে অৰোৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘নাকেৰে লোৱা কভিড ভেকচিন প্ৰথম বুষ্টাৰ ভেকচিন হিচাপে ল’ব পাৰি। যদি কোনোবাই ইতিমধ্যে বুষ্টাৰ ভেকচিন লাভ কৰিছে তেন্তে তেওঁলোকক নাসিকা কভিড ভেকচিন ল’ব নোৱাৰিব ৷ যিসকলে এতিয়াও বুষ্টাৰ ভেকচিন লাভ কৰা নাই তেওঁলোকৰ বাবেহে এই ভেকচিন। চতুর্থ কভিড ভেকচিনৰ বাবে নাসিকাৰ টিকাকৰণৰ কোনো বুকিং কো-উইন পৰ্টেলত গ্ৰহণ কৰা নহ’ব।”
এন কে অৰোৰাই আৰু কয়, “ধৰক আপুনি ক’ভিড ভেকচিনৰ চতুৰ্থ ড’জ ল’ব বিচাৰে। চিকিৎসা বিজ্ঞানত ‘এণ্টিজেন ছিংক’ নামৰ এটা শব্দ আছে, তেনে ক্ষেত্ৰত যদি কোনো ব্যক্তিক বাৰে বাৰে নিৰ্দিষ্ট ধৰণৰ এন্টিজেনৰ টিকা দিয়া হয়, তেন্তে সেই ৰোগৰ বিৰুদ্ধে তেওঁৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে। সেইবাবেই প্ৰথমে ছমাহৰ ব্যৱধানত এমআৰএনএ ভেকচিন দিয়া হৈছিল। পিছত তিনিমাহৰ ব্যৱধানত মানুহে এই ভেকচিন ল’বলৈ আৰম্ভ কৰে। কিন্তু সেই ক্ষেত্ৰত এই ভেকচিনে বিশেষ সহায় কৰা নাছিল। গতিকে এই মুহূৰ্তত কভিড ভেকচিনৰ চতুৰ্থ ড’জ গ্ৰহণ কৰাৰ কোনো মূল্য নাই।”
এন কে অৰোৰাৰ মতে, এই ভেকচিন কেৱল ক’ভিডৰ বিৰুদ্ধে নহয়, শ্বাস-প্ৰশ্বাসতন্ত্ৰত আক্ৰমণ কৰা যিকোনো ভাইৰাছৰ বিৰুদ্ধেও শৰীৰত প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাত সফল হ’ব। ১৮ বছৰৰ ওপৰৰ যিকোনো ব্যক্তিয়ে এই ভেকচিন ল’ব পাৰে। এই ভেকচিন গ্ৰহণ কৰাৰ পিছত কিছুদিন নাক বন্ধ হোৱাৰ বাহিৰে এই ভেকচিনৰ আন কোনো পাৰ্শ্বক্ৰিয়া নাই।
যোৱা সপ্তাহত কেন্দ্ৰই ভাৰত বায়’টেকৰ নাসিকা কভিড ভেকচিন ইনক’ভেক ব্যৱহাৰৰ অনুমতি দিছিল। সংস্থাটোৱে জনোৱা মতে, এই প্ৰতিটো ভেকচিনৰ মূল্য হ’ব ৮০০ টকা। অৱশ্যে ব্যক্তিগত চিকিৎসালয়ত এই ভেকচিনৰ মূল্যত ৫ শতাংশ জি এছ টি সংযোজন কৰা হ’ব। ফলত জি এছ টিৰ সৈতে এই ভেকচিনৰ মূল্য হ’ব ৮৪০ টকা। চৰকাৰী চিকিৎসালয়ৰ পৰা ল’লে ৫ শতাংশ জি এছ টি বাদ দি ৩২৫ টকা খৰচ হ’ব।