আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে গিজগিজাই থকাৰ পাছতো নিয়ন্ত্ৰণলৈ অহা নাই অপৰাধমূলক ঘটনা ৷ মৰিগাঁৱত দিন দুপৰতে দুৰ্বৃত্তই লুটি লৈ গ’ল পাঁচ লক্ষাধিক টকা। এজন চি আৰ পি এফৰ জোৱানৰ পৰা দুৰ্বৃত্তই লুটি নিয়ে এই ধন ৷ দুর্বৃত্তই স্প্ৰে’ মাৰি লুটি লৈ যায় ৫ লক্ষাধিক টকা। আজি পুাৱৰ ভাগত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় ৷
প্ৰাপ্ত তথ্য অনুসৰি মৰিগাঁও নগৰৰ ৫নং ৱাৰ্ডৰ গোহাঁই গাঁৱত সংঘটিত হয় এই ঘটনা ৷ভুক্তভোগী লোকজন হৈছে মৰিগাঁও বগৰিগুৰিৰ মৃদুল কুমাৰ নাথ ৷ তেওঁ শ্ৰীনগৰত কেন্দ্ৰীয় অৰ্ধ সামৰিক বাহিনীৰ জোৱান হিচাপে কৰ্মৰত ৷ তেওঁ কিছুদিনৰ বাবে ছুটিত ঘৰলৈ আহিছিল।
আজি বেংকৰ পৰা নগদ ৫ লাখ ৪০ হাজাৰ টকা উলিয়াই আনি গোহাঁই মাৰ্কেটৰ দিশে গৈ আছিল লোকজন। সেই সময়তে মটৰ চাইকলত অহা দুৰ্বৃত্তই কৌশলেৰে তেওঁৰ মুখত স্প্ৰে’ মাৰি অচেতন কৰি নগদ ধনখিনি লুটি লৈ যায় । ঘটনা সন্দৰ্ভত মৰিগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।