যোৱা বছৰ হিজাব বিৰোধী আন্দোলন আৰম্ভ হোৱাৰ পৰাই ইৰাণত মৃত্যুদণ্ডৰ হাৰ বৃদ্ধি পাইছে। আদালতত মৃত্যুদণ্ড প্ৰদানসকলৰসকলৰ অধিকাংশই দেশদ্ৰোহৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছে । বৃহস্পতিবাৰে নৰৱেৰ মানৱ অধিকাৰ সংস্থা “ইৰাণ হিউমেন ৰাইটছ” (আই এইচ আৰ)-এ তেহৰাণৰ পৰা অহা চৰকাৰী “তথ্য”ৰ উদ্ধৃতি দি কয় যে চলিত বৰ্ষৰ প্ৰথম পাঁচ মাহত সেই দেশত ৩০৭ জনতকৈ অধিক কয়দীক ফাঁচী দিয়া হৈছে। ইয়াৰে কেৱল যোৱা মে’ মাহত ইৰাণত ১৪২ জন লোকক ফাঁচী দিয়া হৈছিল!
আই এইচ আৰৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে ইৰাণৰ শেহতীয়া ইতিহাসত এমাহত এয়াই সৰ্বাধিক মৃত্যুদণ্ড। প্ৰতিবেদনত দাবী কৰা হৈছে যে ২০২২ চনৰ মে’ মাহৰ তুলনাত চলিত বৰ্ষৰ মে’ মাহত ফাঁচীৰ হাৰ ৭৫ শতাংশ বৃদ্ধি পাইছে। দৰাচলতে যোৱা মে’ মাহত তাত গড়ে চাৰিজন লোকক ফাঁচী দিয়া হৈছিল। হিজাব পৰিধান নকৰাৰ বাবে তেহৰাণ আৰক্ষীৰ জিম্মাত বন্দী হৈ থকা যুৱতী মাহছা আমিনিৰ ৰহস্যজনক মৃত্যুৰ পিছত যোৱা ছেপ্টেম্বৰ মাহত সমগ্ৰ ইৰাণতে প্ৰতিবাদ বিয়পি পৰিছিল। ইতিমধ্যে সেই প্ৰতিবাদকাৰীসকলৰ একাংশক দেশদ্ৰোহৰ অপৰাধত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰা হৈছে।