এটা শক্তিশালী ভূমিকম্পই আজি জোকাৰি যায় মৰক্কো ৷ শুকুৰবাৰে মাজনিশা হোৱা ভূমিকম্পত ৬০০ৰো অধিক লোকৰ মৃত্যু হয়। মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। যথেষ্ট লোক আহত হৈছে ৷ উত্তৰ আমেৰিকাৰ ভূতাত্ত্বিক জৰীপে জনোৱা মতে, মাৰাকেছৰ পৰা ৭১ কিলোমিটাৰ দক্ষিণ-পশ্চিমে নিশা ১১ বজাৰ পিছতে এই ভূমিকম্পৰ জোকৰণি অনুভুত হয় ৷ ইয়াৰ উৎপত্তি আছিল মাটিৰ পৰা ১৮ কিলোমিটাৰ গভীৰতাত। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৬.৮।
প্ৰচণ্ড ভূমিকম্পৰ পিছতে মাৰাকেছৰ কেইবাটাও ঘৰ ভাঙি পৰে। বহু লোক এতিয়াও ধ্বংসাৱশেষত আবদ্ধ হৈ পৰাৰ আশংকা। ইতিমধ্যে প্ৰশাসনে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।সংবাদ মাধ্যমৰ খবৰ অনুসৰি ভূমিকম্পৰ পিছত মাৰাকেছৰ বিভিন্ন ৰাজপথত বহল ফাট মেলিছে। বৃহৎ অঞ্চলত বিদ্যুৎ আৰু যোগাযোগ ব্যৱস্থা বিচ্ছিন্ন হৈছে । মাৰাকেছৰ চিকিৎসালয়সমূহত আহত লোকসকলে ভিৰ কৰিছে ৷
ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভূমিকম্পৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ কেইবাখনো ছবি পোহৰলৈ আহিছে। মহানগৰীৰ কেইবাটাও ঐতিহাসিক স্থানো ক্ষতিগ্ৰস্ত হয়।এই ঘটনাত শোক প্ৰকাশ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মৰক্কোৰ বিপদৰ কাষত থিয় দিয়াৰ আশ্বাস দিছে। লগতে তেওঁ মৰক্কোক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে।
ছ’চিয়েল মিডিয়া হেণ্ডেল ‘এক্স (পূৰ্বৰ টুইটাৰ)’ত মোডীয়ে কয় –“মৰক্কোত হোৱা ভূমিকম্পৰ ফলত বহু লোকৰ মৃত্যু অতি বেদনাদায়ক। এই বিপদৰ সময়ত মই মৰক্কোৰ জনসাধাৰণৰ লগত আছো। যিসকলে আপোনজনক হেৰুৱাইছে তেওঁলোকৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিলোঁ। আহতসকল সোনকালে আৰোগ্য লাভ কৰক। এই কঠিন সময়ত মৰক্কোক সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ ভাৰত সাজু।”