VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

২৩৯ জন যাত্ৰীসহ মালয়েছিয়াৰ বিমান ইচ্ছাকৃতভাৱে দূর্ঘটনাগ্ৰস্ত কৰিছিল পাইলটে, অনুসন্ধানত পোহৰলৈ আহিছে নতুন তথ্য

voicedesk by voicedesk
December 14, 2022
in মুখ্য সংবাদ
২৩৯ জন যাত্ৰীসহ মালয়েছিয়াৰ বিমান ইচ্ছাকৃতভাৱে দূর্ঘটনাগ্ৰস্ত কৰিছিল পাইলটে, অনুসন্ধানত পোহৰলৈ আহিছে নতুন তথ্য
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

৮ বছৰ পূৰ্বে মালয়েছিয়া এয়াৰলাইন্সৰ এম এইচ ৩৭০ বিমানখন ২৩৯ জন লোকৰ সৈতে দূর্ঘটনাত পতিত হৈছিল ৷  ব্ৰিটিছ প্ৰেছে দাবী কৰিছিল যে বয়িং ৭৭৭ বিমানখনৰ পাইলটে ধ্বংস কৰিছিল। বিমানখনৰ ধ্বংসাৱশেষৰ পৰা পোৱা নতুন প্ৰমাণ পৰীক্ষা কৰাৰ পিছত বিশেষজ্ঞসকলেও একেই ইংগিত প্ৰদান কৰিছে ৷

মালয়েছিয়া এয়াৰলাইন্সৰ বিমান এমএইচ৩৭০ৰ বিমান দূর্ঘটনা বয়িং ৭৭৭ ইতিহাসৰ আটাইতকৈ ভয়াৱহ দুৰ্ঘটনা হিচাপে বিবেচিত হৈ আহিছে ।  বিমান সংস্থাটোৰ ইতিহাসৰ অন্যতম বৃহৎ দুৰ্ঘটনা বুলি গণ্য কৰা হয়।

২০১৪ চনৰ ৮ মাৰ্চত কুৱালালামপুৰৰ পৰা বেইজিং বিমানবন্দৰলৈ বিমান এমএইচ৩৭০ ৰাওনা হয়। উৰণৰ পৰা প্ৰায় ৩৮ মিনিটৰ ভিতৰতে ইয়াৰ সৈতে এয়াৰ ট্ৰেফিক কণ্ট্ৰ’লে যোগাযোগ কৰে। সেই সময়ত বিমানখন দক্ষিণ চীন সাগৰৰ ওপৰেৰে উৰি আছিল। কেইছেকেণ্ডমানৰ পিছতে বিমানখনৰ সৈতে এ টি চিৰ যোগাযোগ হেৰুৱাই পেলায়।

কিন্তু এঘণ্টাৰ পাছত মালয়েছিয়াৰ সেনাবাহিনীৰ ৰাডাৰে বিমানখন ধৰা পেলায়। কিন্তু সেই সময়ত নির্দিষ্ট পথত চলি থকা নাছিল বিমানখন। তাৰ পৰিৱৰ্তে বিমানখনে পৰিকল্পিত গতিপথৰ পৰা পশ্চিম দিশলৈ বিচ্যুত হৈ মালয় উপদ্বীপ আৰু আন্দামান সাগৰৰ ওপৰেৰে পাৰ হৈ যায়। ৰাডাৰৰ পৰা ওলাই অহাৰ পিছত চিৰদিনৰ বাবে নোহোৱা হৈ গ’ল বিমান এমএইচ৩৭০। চালকসহ ২২৭ জন যাত্ৰী আৰু ১২ জন কৰ্মচাৰী নিহত হয় । ইয়াৰ ভিতৰত ভাৰতৰ পৰা অহা ৫ জন যাত্ৰীও আছিল।

বিমানখনৰ সন্ধানত মালয়েছিয়া চৰকাৰে দক্ষিণ চীন সাগৰ আৰু আন্দামান সাগৰত অনুসন্ধান অভিযান আৰম্ভ কৰে। কিন্তু ফ্লাইট এম এইচ ৩৭০ৰ কিছু অংশ পোৱা গৈছে যদিও বেছিভাগ ধ্বংসাৱশেষ পোৱা হোৱা নাই। অসামৰিক বিমান পৰিবহণৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল অভিযান কাৰ্যতঃ বিফল হৈছিল।

উপগ্ৰহৰ জৰিয়তে বিমানখনৰ স্বয়ংক্ৰিয় যোগাযোগ ব্যৱস্থাৰ পৰীক্ষাত বিমানখন দক্ষিণ ভাৰত মহাসাগৰত দুৰ্ঘটনাগ্ৰস্ত হ’ব পাৰে বুলি জানিব পৰা গৈছে। কিন্তু দুৰ্ঘটনাৰ কাৰণ সম্পৰ্কে কোনো স্পষ্ট তথ্য পোহৰলৈ অহা নাই ৷

৮ বছৰৰ পাছত দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত নতুনকৈ দাবী উত্থাপন হৈছে। ব্ৰিটিছ কাকত “ইণ্ডিপেণ্ডেণ্ট”ৰ তথ্য অনুসৰি, ২৫ দিন পূৰ্বে মাদাগাস্কাৰত এজন মাছমৰীয়াৰ ঘৰত বিমানখনৰ ১টা লেণ্ডিং গিয়াৰ  উদ্ধাৰ কৰা হৈছিল। ব্ৰিটিছ প্ৰেছৰ তথ্য অনুসৰি বয়িং ৭৭৭ বিমানখন সাগৰত পৰি লেণ্ডিং গিয়াৰ তললৈ নমাই দিয়া হৈছিল। তাৰ পৰাই বিশেষজ্ঞসকলৰ মতে ইচ্ছাকৃতভাৱে বিমানখন দুৰ্ঘটনাগ্ৰস্ত কৰা হৈছিল বুলি আশংকা কৰা হৈছে ৷

ব্ৰিটিছ অভিযন্তা ৰিচাৰ্ড গডফ্ৰেৰ দৰে বিমান এমএইচ৩৭০ ৰ ধ্বংসাৱশেষ বিচাৰি আমেৰিকান অনুসন্ধানকাৰী ব্লেইন গিবছনে দাবী কৰিছে যে বিমানখন ইচ্ছাকৃতভাৱে ইয়াৰ পাইলটসকলে ধ্বংস কৰিছিল। বিশেষজ্ঞসকলে দাবী কৰিছে যে বিমানখনৰ লেণ্ডিং গিয়াৰৰ দুৱাৰ পৰীক্ষা কৰিলেই বিমানখন ধ্বংস হোৱাৰ প্ৰথম ইংগিত প্ৰমাণ হৈ পৰে।

ব্ৰিটিছ প্ৰেছৰ মতে, ২০১৭ চনত মাদাগাস্কাৰৰ উপকূলত লেণ্ডিং গিয়াৰৰ দুৱাৰখন টাটালি নামৰ এজন মাছমৰীয়াই উদ্ধাৰ কৰিছিল। মাদাগাস্কাৰত ‘ফাৰ্নাণ্ডো’ নামৰ উপকূলীয় ধুমুহাই দুৱাৰখন পাৰলৈ উটুৱাই লৈ আহিছিল  ৷লেণ্ডিং গিয়াৰৰ দুৱাৰখন যে মালয়েছিয়াৰ বিমানৰ অংশ সেই কথা টাটালিৰ কোনো ধাৰণা নাছিল। মাছমৰীয়াৰ পত্নীয়ে  সেইখন পাঁচ বছৰ ধৰি ৱাশ্বিং বৰ্ড হিচাপে ব্যৱহাৰ কৰি আহিছিল।

ব্ৰিটিছ সংবাদ মাধ্যমৰ আগত গডফ্ৰেই কয় যে লেণ্ডিং গিয়াৰৰ দুৱাৰৰ চাৰিওফালে ফাটি যোৱা আৰু ক্ষতিৰ পৰিসৰৰ পৰা অনুমান কৰিব পাৰি যে বিমানখন লাহে লাহে সাগৰত ডুব যোৱা নাছিল। বৰং বিমানখন অতি তীব্ৰ বেগত পানীত খুন্দা মাৰিছিল।  ইয়াক এনেদৰে পেলাই দিয়া হৈছিল যে বিমানখন যিমান পাৰি সিমান টুকুৰা টুকুৰ হৈ পৰে ৷

ব্ৰিটিছ প্ৰেছৰ বিশেষজ্ঞসকলে দাবী কৰিছে যে অত্যন্ত তীব্ৰ গতিৰ আঘাতৰ বাবে বিমানখন যিমান পাৰি দ্ৰুতগতিত ছিন্নভিন্ন হৈ পৰিছিল। আনহাতে, দুৰ্ঘটনাৰ প্ৰমাণ লুকুৱাবলৈ চেষ্টা কৰা হৈছিল সেয়া লেণ্ডিং গিয়াৰ পৰীক্ষা কৰিলে স্পষ্ট হৈ পৰে।

 

Previous Post

কৰ্কট ৰোগত ভেকচিনৰ সফলতা, মডার্নাই আনিছে আশাৰ বতৰা

Next Post

‘কাৰাবন্দী’ চতুৰ্থ স্তম্ভ! বিশ্বত বাঢ়িছে সাংবাদিকক গ্ৰেপ্তাৰৰ ঘটনা, শীর্ষত আছে চীন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
‘কাৰাবন্দী’ চতুৰ্থ স্তম্ভ! বিশ্বত  বাঢ়িছে সাংবাদিকক গ্ৰেপ্তাৰৰ ঘটনা, শীর্ষত আছে চীন

'কাৰাবন্দী' চতুৰ্থ স্তম্ভ! বিশ্বত বাঢ়িছে সাংবাদিকক গ্ৰেপ্তাৰৰ ঘটনা, শীর্ষত আছে চীন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7