আজি পুৱাই ৰাজ্য কপাঁই তুলিলে এক মৃদু ভূমিকম্পই ৷ ৭ বাজি ৫৪ মিনিট ২ ছেকেণ্ডত ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৩.৫ ৷ ইয়াৰ উৎপত্তিস্থল হৈছে দৰং ৷ ভূপৃষ্ঠৰ পৰা ২০ কিলোমিটাৰ গভীৰতাত ভূমিকম্পটোৰ উৎপত্তি হৈছিল বুলি বতৰ বিজ্ঞান বিভাগে সদৰী কৰিছে ৷
ইয়াৰ পূর্বে যোৱা ১৫ জানুৱাৰীতো ৰিখটাৰ স্কেলত ৩.৬ প্ৰাৱল্যৰ ভূমিকম্পই ৰাজ্য জোঁকাৰি গৈছিল ৷ পুৱাই হোৱা ভূমিকম্পই আতংকিত কৰি তোলে ৰাজ্যবাসীক ৷