শিক্ষক-কর্মচাৰীসকল হিতাধিকাৰী বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই কৰা মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ যোগ্যতাৰ বলত লাভ কৰা চাকৰিত নিতৌ কর্তব্য সম্পাদনৰ বিনিময়ত দৰমহা লাভ কৰা সকল কিদৰে হিতাধিকাৰী হ’ব বুলিও প্ৰশ্ন উত্থাপন হৈছে ৷ ইয়াৰ মাজতে এইবাৰ মুখ্যমন্ত্ৰীৰ বক্তব্যক সমর্থন কৰিবলৈ গৈ হিতাধিকাৰীৰ নতুন সংজ্ঞা দিছে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷ মুখ্যমন্ত্ৰীতকৈ এখোপ ওপৰলৈ গৈ বিদ্যুৎ বিলত ৰাজসাহায্য লাভ কৰাৰ বাবে সকলোৱে হিতাধিকাৰী বুলি তেওঁ মন্তব্য কৰে ৷
সামাজিক মাধ্যমত তেওঁ কয় “ একাংশ লোকে এনেকুৱা এটা ধাৰণা দিব বিচাৰিছে যে অৰুণোদয়, ঋণ ৰেহাই, প্ৰধানমন্ত্ৰী আৱাস, কৃষক নিধি, চাইকেল আৰু স্কুটি পোৱা শিক্ষাৰ্থী, বৃদ্ধ পেন্সন আদি পোৱাসকল যেন কিবা অনুগ্ৰহ প্ৰাৰ্থী, যাক হিতাধিকাৰী কোৱা হয়। কিন্তু ‘হিতাধিকাৰী’ শব্দটোলৈ মন কৰক- ইয়াত ‘অধিকাৰ’ শব্দটো অন্তৰ্নিহিত হৈ আছে। কল্যাণকামী চৰকাৰৰ হিত কামৰ অধিকাৰী সকলোকেই হিতাধিকাৰী বা ইংৰাজীত beneficiary বুলি কোৱা হয়। বেংক, বীমা আদিতো প্ৰাপ্য ধন পাবলগীয়া ব্যক্তিসকলক হিতাধিকাৰী বা beneficiary বুলি কোৱা হয়। দৰমহাৰ ধন পোৱা ব্যক্তিক বেংকৰ ভাষাত হিতাধিকাৰী বা beneficiary বুলি কোৱা হয়। “
শিক্ষামন্ত্ৰী গৰাকীয়ে লগতে কয় –“তদুপৰি আমাৰ বিদ্যুৎ বিলসমূহ ৰাজসাহায্যযুক্ত হোৱা বাবে আমি সকলোৱেই বজাৰ মূল্যতকৈ কম মূল্যত বিদ্যুৎ বিল দি চৰকাৰী হিতৰ অধিকাৰী বা হিতাধিকাৰী। চৰকাৰী কৰ্মচাৰী হিচাপে ‘আপোন ঘৰ’ আঁচনি আদিৰ দৰে কল্যাণমূলক আঁচনিৰ হিত লাভ কৰিও আমি হিতাধিকাৰী।“