ছিংগাপুৰত আৱিষ্কাৰ হৈছে পইতাচোৰাৰ এক নতুন প্ৰজাতিৰ। ২০১৬ চনত পোক-পৰুৱাৰ ওপৰত কৰা বিশেষ অধ্যয়নৰ সময়ত এই বিশেষ প্ৰজাতিটো বিজ্ঞানীসকলৰ দৃষ্টিগোচৰ হৈছিল। এটা কাৰ্টুন চৰিত্ৰৰ নামেৰে এই নতুন প্ৰজাতিটোৰ নাম ‘ফেৰ’মোছা’ ৰাখিছে বিজ্ঞানীসকলে।
‘লী কং চিয়ান প্ৰাকৃতিক ইতিহাস সংগ্ৰহালয়’ৰ তথ্য অনুসৰি পইতাচোৰাৰ ৩২ টা প্ৰজাতিৰ অস্তিত্ব এতিয়ালৈকে জানিব পৰা গৈছে। দেখাত একে হ’লেও এই প্ৰজাতিটোৰ শৰীৰৰ গঠন আৰু অংগ-প্ৰত্যংগ আন পইতাচোৰাৰ তুলনাত পৃথক। এই কথা ফু মাওচেং আৰু ‘লি কং চিয়ান নেচাৰেল হিষ্ট্ৰী মিউজিয়াম’ আৰু ‘ইউপিএলবি মিউজিয়াম ফৰ নেচাৰেল হিষ্ট্ৰী’ৰ দুজন গৱেষকে তেওঁলোকৰ গৱেষণা পত্ৰত উল্লেখ কৰিছে।
জনপ্ৰিয় কাৰ্টুন ধাৰাবাহিক ‘পাকেমন’ৰ বিখ্যাত চৰিত্ৰ ‘ফেৰ’মোছা’ৰ নামেৰে এই প্ৰজাতিৰ পইতাচোৰাৰ নামকৰণ কৰা হৈছে। আকাৰত ডাঙৰ আৰু সম্পূৰ্ণ বেলেগ জিন থকা পইতাচোৰা বিধক কাৰ্টুনৰ কাল্পনিক চৰিত্ৰ ‘ফেৰ’মোছা’ৰ দৰেই দেখা যায়।