অসমৰ এগৰাকী স্বনামধন্য চিত্ৰশিল্পী সদ্যপ্ৰয়াত ৰবীন বৰুৱা । যি গৰাকী শিল্পীয়ে নিজহাতে অংকণ কৰা বহু মূল্যৱান ছবিৰে ২৫ছেপ্টেম্বৰৰ পৰা ২৯ছেপ্টেম্বৰলৈ আয়োজন কৰা হৈছে এখন উন্নত মানবিশিষ্ট চিত্ৰ প্ৰদৰ্শনীৰ ।যি আছিল সদ্যপ্ৰয়াত শিল্পী জনৰ সপোন। গুৱাহাটীৰ ৰবীন্দ্ৰভৱনৰ লগতে থকা ৰাজ্যিক কলা বীথিকাত প্ৰদৰ্শিত হৈ থকা এই প্ৰদৰ্শনীৰ খনলৈ সোঁত বৈছে বহু লোকৰ।অসমৰ আগশাৰীৰ বহুকেইগৰাকী চিত্ৰ শিল্পকে ধৰি আগমন ঘটিছে বহু কলাপ্ৰেমী ৰাইজৰ।
সেয়েহে এই প্ৰদৰ্শনী খনলৈ আহিবলৈ সকলোকে অনুৰোধ জনাই বিশিষ্ট শিল্পী গৰাকীৰ পত্নী জোনা বৰুৱাই কয় যে নিৰ্ধাৰিত আৰু মাত্ৰ দুটা দিনৰ পিছত বগা বেৰ খনত শিল্পী জনৰ ক’লা বগা ছবিবোৰ আৰু ওলমি নাথাকিব । আমি নিৰ্বাক বুলি ভবা ছবি বোৰে এই কেইদিন প্রিয় মানুহ বোৰৰ লগত কথা পাতিছে ,হাঁহিছে ,কান্দিছে । সেয়ে তেওঁৰ অনুৰোধ আহিব পৰা সকল আহক । লগতে তেওঁ আশা কৰিছে যে এখন উচ্চ মানৰ “আৰ্ট ফ্লিম ” চাবলৈ আমন্ত্ৰণ কৰি আনি নিশ্চয় ৰাইজক নিৰাশ নকৰে তেওঁ।