ভঙা চকাৰে দীৰ্ঘ দূৰত্বৰ ৰে’লখন তীব্ৰ বেগত আৰম্ভ কৰিছিল যাত্ৰা ৷ প্ৰচণ্ড শব্দ শুনি যাত্ৰীয়ে শিকলি টানি ৰে’লখন ৰখাই দিয়ে। ইয়াৰ বাবেই মুম্বাই অভিমুখী পৱন এক্সপ্ৰেছ এটা বৃহৎ দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল। দেওবাৰে নিশা বিহাৰৰ মুজাফ্ফৰপুৰ-হাজীপুৰ শাখাত সংঘটিত হয় এই ঘটনা।
ঠিক এমাহ পূৰ্বে ২ জুনত ওড়িশাৰ বালেশ্বৰৰ বাহাংগা বজাৰ ষ্টেচনৰ সমীপত চেন্নাই অভিমুখী কৰমণ্ডল এক্সপ্ৰেছ দূর্ঘটনাত পতিত হৈছিল ৷ সেই ভয়ংকৰ দুৰ্ঘটনাৰ এমাহৰ পিছত পৱন এক্সপ্ৰেছত পুনৰ সমস্যাৰ সৃষ্টি হ’ল ৷ফলত ৰে’লপথত যাত্ৰীসকলৰ সুৰক্ষা সম্পৰ্কে পুনৰ প্ৰশ্ন উত্থাপন হৈছে ৷
মুজাফ্ফৰপুৰ ষ্টেচনৰ পৰা পৱন এক্সপ্ৰেছৰ পৰা ওলাই অহাৰ পাছত ৰে’লখনৰ এছ-১১ কম্পাৰ্টমেণ্টত তীব্ৰ শব্দ শুনিবলৈ পায় যাত্ৰীসকলে। কিন্তু ৰে’ল কৰ্মীসকলে শব্দৰ কাৰণৰ তদন্তৰ বাবে কোনো উদ্যোগ লোৱা নাছিল বুলি অভিযোগ উত্থাপন কৰিছে একাংশ যাত্ৰীয়ে। ৰে’লখন দ্ৰুতগতিত প্ৰায় ১০ কিলোমিটাৰ গতিৰে চলি থাকে। পিছত ৰে’লখন ভগবনপুৰ ষ্টেচন পাওঁতে যাত্ৰীসকলে শিকলি টানি ৰখাই দিয়ে।
ৰে’লৱেৰ কৰ্মচাৰীৰ লগতে ৰেল চালক আৰু গাৰ্ডকো এই প্ৰচণ্ড শব্দৰ বিষয়ে অৱগত কৰা হয়। পিছত দেখা গ’ল যে এছ-১১ কোঠাটোৰ এটা চকা ফাটি গৈছে। লগে লগে চকাটো সলনি কৰা হ’ল। তাৰ পিছতে ৰে’লখনে পুনৰ যাত্ৰা আৰম্ভ কৰে ৷তেওঁলোকে আশংকা কৰিছে যে যাত্ৰীসকলে শিকলি টানি ৰে’লখন ৰখাই নিদিলে এটা বৃহৎ দুৰ্ঘটনা সংঘটিত হ’লহেতেন ৷ ইষ্ট চেণ্ট্ৰেল ৰে’লৱে হাজীপুৰৰ চিপিআৰঅ’ বীৰেন্দ্ৰ কুমাৰে কয়, ‘আমি গম পালোঁ যে পৱন এক্সপ্ৰেছৰ এটা চকাত ফাট মেলিছে। আমাৰ দলটোৱে গৈ মেৰামতি কৰিলে।”