গ্ৰাহকক অস্বাস্থ্যকৰ খাদ্য যোগান ধৰাৰ অভিযোগত ছীল কৰা হ’ল পল্টনবজাৰৰ মা কালী হোটেল ৷ খাদ্য সুৰক্ষা বিভাগৰ সহযোগত অভিযান চলোৱাৰ পাছতে আজি গুৱাহাটী পৌৰ নিগমে ছীল কৰি দিয়ে হোটেলখন ৷
উল্লেখ্য যে সোমবাৰে নিশা হোটেলখনত খাদ্যত জেঠী উদ্ধাৰ কৰাৰ পাছত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল । এই কথা হোটেল কৰ্তৃপক্ষক অৱগত কৰাৰ পাছত গ্ৰাহকৰ সৈতে কাজিয়াত লিপ্ত হৈছিল হোটেলৰ কৰ্মচাৰী। নিশা সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পাছতে পল্টন বজাৰ থানাত এজাহাৰ দাখিল কৰিছিল গ্ৰাহকে। গ্ৰাহকজনৰ সেই অভিযোগৰ ভিত্তিতে ছীল কৰি দিয়া হয় মা কালী হোটেল ৷
উল্লেখযোগ্য যে মা কালী হোটেলৰ আছে বিশেষ সুনাম ৷ গ্ৰাহকৰ মাজত হোটেলখনৰ আছে জনপ্ৰিয়তা ৷ বহু পুৰণি হোটেলখনলৈ দৈনিক ভাত খাবলৈ ভিৰ কৰে বহু লোকে ৷ ইয়াৰ মাজতে এই হোটেলখনত অস্বাস্থ্যকৰ খাদ্য যোগানক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷