কভিদৰ তৃতীয় ঢৌৰ সংক্ৰমণ ইতিমধ্যে আৰম্ভ হৈছে। তৃতীয় ঢৌৱে এইবাৰ শিশুহঁতৰ ওপৰত মাৰাত্মক প্ৰভাৱ পেলাবলৈ ধৰিছে। শেহতীয়া তথ্য অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰত ১ সপ্তাহতে আক্ৰান্ত হৈছে ১ লাখ ৪১ হাজাৰ শিশু। আমেৰিকান একাডেমী অব পেডিয়াট্ৰিকছে এই কথা প্ৰকাশ কৰে। আক্ৰান্তৰ সংখ্যা পূৰ্বতকৈ ৩২% বৃদ্ধি পাইছে বুলি জানিবলৈ পোৱা গৈছে।
শিশু সংক্ৰমণ বৃদ্ধি পোৱাৰ কথাই সকলোৰে মনলৈ শংকা আনিছে। আমাৰ ভাৰতত এতিয়াও কভিদৰ তৃতীয় ঢৌৰ সংক্ৰমণ আৰম্ভ হোৱা নাই। তৃতীয় ঢৌৰ সংক্ৰমণৰ পৰা ৰক্ষা পাবলৈ ভাৰত চৰকাৰে টিকাকৰণত গুৰুত্ব প্ৰদান কৰিছে।
অচিৰেই ২ বছৰ বয়সৰ পৰা ১৬ বছৰৰ শিশুৰ কভিদ টিকাকৰণ কাৰ্যসূচী আৰম্ভ হ’ব। তৃতীয় ঢৌৰ আক্ৰমণৰ পূৰ্বেই ভেকচিন প্ৰদানত গুৰুত্ব আৰোপ কৰা হৈছে। শিশুসকলৰ ওপৰত প্ৰভাব পৰিলে পৰিস্থিতি বৰ ভয়ানক হৈ পৰিব। সেয়ে দেশৰ চিকিৎসালয়সমূহ সাজু কৰি তোলা হৈছে।