গুৱাহাটী মহানগৰীৰ বৰাগাঁৱত নিজ বাসগৃহৰ ভিতৰতে দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হোৱা বনজিৎ দাসৰ আজি জি এম চি এইছত চিকিৎসাধীন অৱস্থাত মৃত্যু হয় । বুধবাৰে বিয়লি দুবৃর্ত্তৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হৈছিল বনজিৎ দাস আৰু তেওঁৰ কন্যা দিদীক্ষা দাস ।
পৰৱর্তী সময়ত সপ্তম শ্ৰেণীৰ ছাত্ৰী দিদীক্ষা দাসৰ মৃত্যু ঘটে । পত্নী নথকা অৱস্থাত দুয়োকে কোনে, কিয় এইদৰে আক্ৰমণ কৰি হত্যা কৰিলে সেই বিষয়ে এতিয়াও স্পষ্ট হোৱা নাই।ঘটনাৰ সময়ত ঘৰত নাছিল বনজিৎ দাসৰ পত্নী ৷ নগাৱঁত তেওঁ সম্পর্কীয় লোকৰ ঘৰলৈ গৈছিল তেওঁৰ পত্নী ৷
ইফালে স্থানীয় লোকে সংবাদ মাধ্যমৰ আগত আগবঢ়োৱা ভাষ্য অনুসৰি বুধবাৰে বৰাগাওঁ অঞ্চলত বনজিৎ দাসৰ জ্যেষ্ঠ ভাতৃ আৰু তেওঁৰ গাড়ী চালকজনক প্ৰত্যক্ষ কৰিছিল। অৱশ্যে তেওঁলোকে বনজিৎ দাসৰ ঘৰত এই দুয়োজন প্ৰৱেশ কৰিছিল নে নাই সেই বিষয়ে নাজানে বুলিও সদৰী কৰিছে ৷
তাৰ ভিত্তিতে স্থানীয় আৰক্ষীয়ে দুয়োকে সোধ-পোছ চলাই আছে বুলিও জানিব পৰা গৈছে। আৰক্ষীৰ সঠিক তদন্ততহে এই সমগ্ৰ ঘটনাৰ আঁৰৰ ৰহস্য ফাদিল হ’ব ৷