ৰাজ্যত সংঘটিত হৈছে এটাৰ পাছত আন এটা নৃশংস ঘটনা ৷ ক’ৰবাত যদি হত্যাকাণ্ড , আন ক’ৰবাত আকৌ মৃতদেহ উদ্ধাৰৰ বাতৰিয়ে সচেতন মহলক উদ্বিগ্ন কৰি তুলিছে ৷ ইয়াৰ মাজতে পুনৰ নগাঁৱৰ ডিফলুত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পিতৃৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে পুত্ৰ ৷ চোকা অস্ত্ৰৰে পিতৃয়ে কৰা আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে চিন্ময় বৰা নামৰ লোকজন ৷ তেওঁক নগাঁও চিকিৎসা মহাবিদ্যালয়ত ভর্ত্তি কৰোৱা হৈছে ৷পাৰিবাৰক কন্দলৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷
প্ৰাপ্ত তথ্য অনুসৰি চিন্ময়ৰ পিতৃ হৈছে প্ৰবীন বৰা ৷ পাৰিবাৰিক কন্দলৰ বাবে তেওঁ পত্নী প্ৰণতি বৰাক নিৰ্যাতন চলাইছিল। যাৰ বাবে মাতৃক বচাবলৈ গৈছিল চিন্ময় ৷ তেতিয়াই চোকা অস্ত্ৰৰে বৰাই পুত্ৰ চিন্ময়ক আক্ৰমণ কৰে ৷ যাৰ বাবে পেট আৰু মূৰত গুৰুতৰভাৱে আঘাত পায় ৷পুত্ৰক আক্ৰমণ কৰিয়েই পিতৃয়ে পলায়ন কৰে।
এই ঘটনাৰ সন্দৰ্ভত চিন্ময়ৰ মাতৃয়ে ইটাচালি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ আৰক্ষীয়ে আক্ৰমণকাৰী পিতৃক বিচাৰি অভিযান অব্যাহত ৰাখিছে ৷