তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰেচেপ টাইব এৰদোগানৰ আশংকাই অৱশেষত সচাঁ প্ৰমাণিত হ’ল ৷ ভূমিকম্পত বিধ্বস্ত দেশ দুখনত মৃত্যু হোৱা লোকৰ সংখ্যাই ৫০ হাজাৰ অতিক্ৰম কৰিলে। ৬ ফেব্ৰুৱাৰীত তুৰস্ক আৰু ছিৰিয়াৰ বৃহৎ অঞ্চলত ৭.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পই কপাঁই গৈছিল ৷ ভূমিকম্পৰ প্ৰভাৱত দুয়োখন দেশৰ হাজাৰ হাজাৰ ঘৰ ধ্বংসস্তুপত পৰিণত হৈছে ৷ ধ্বংসাৱশেষত বহু লোক আৱদ্ধ হৈ পৰে ৷ তেতিয়াৰ পৰাই মৃত্যুৰ সংখ্যা ক্ৰমাং বৃদ্ধি পাবলৈ আৰম্ভ কৰে ৷ সেই সংখ্যাই এতিয়া ৫০ হাজাৰৰ সীমা অতিক্ৰম কৰিছে। ইয়াৰ পূৰ্বে এৰদোগানে ভয়ংকৰ ভূমিকম্পৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰতকৈ অধিক হ’ব বুলি আশংকা প্ৰকাশ কৰিছিল। মৃত্যুৰ সংখ্যা ৩৪০০ হ’লে বিশ্ব স্বাস্থ্য সংস্থাইও মৃত্যুৰ সংখ্যা প্ৰায় ৮ গুণ বৃদ্ধি পাব বুলি আশংকা প্ৰকাশ কৰিছিল। কিন্তু সময়ৰ লগে লগে সেই সংখ্যা প্ৰায় ১৫ গুণলৈ বৃদ্ধি পায়।
ইয়াৰে কেৱল তুৰস্কতে ৪৪ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে। চৰকাৰী হিচাপ অনুসৰি দেশত এতিয়ালৈকে ভূমিকম্পৰ ফলত ৪৪,২১৮ জন লোকৰ মৃত্যু হৈছে। ছিৰিয়াত ৫ হাজাৰ ৯১৪ জন লোকৰ মৃত্যু হয়। তুৰস্কৰ দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জনোৱা মতে, ভূমিকম্পৰ ১৯ দিন অতিক্ৰম কৰিলে ৷ প্ৰচণ্ড বৰফ, ঠাণ্ডাৰ বাবে উদ্ধাৰ অভিযান চলোৱাটো কঠিন হৈ পৰিছে । অৱশ্যে তেওঁলোকে হাৰ মানিবলৈ ইচ্ছুক নহয়।
৬ ফেব্ৰুৱাৰীৰ ভূমিকম্পৰ পিছৰে পৰা তুৰস্ক আৰু ছিৰিয়াত শ শ আফটাৰশ্বকে জোকাৰি গৈছে। দুয়োখন দেশৰ বিশাল অঞ্চলত এতিয়া ধ্বংসাৱশেষৰ বাহিৰে আন একো নাই । ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি কেৱল তুৰস্কত ২ লাখ ৬৪ হাজাৰ ঘৰ ধ্বংস হৈছে । সাহায্য কৰ্মীসকলে অনুমান কৰিছে যে ছিৰিয়াত কমেও ১৫০০ ঘৰ ভাঙি গৈছে। ধ্বংসাৱশেষৰ তলত আৰু কিমান হাজাৰ লোক আৱদ্ধ হৈ আছে তাৰ নিশ্চয়তা নাই
ভূমিকম্পই বিধ্বস্ত দেশ দুখনত এতিয়া কেৱল শোকসন্তপ্ত লোকৰ কান্দোনৰ ৰোল । লাখ লাখ লোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। আন্তৰ্জাতিক সাহায্য সংস্থাসমূহে বাচি থকাসকলক খাদ্য, খোৱাপানী আৰু ঔষধ যোগান ধৰিবলৈ সক্ষম হোৱা নাই। বহু গৃহহীন লোকে পৰ্যাপ্ত খাদ্য-পানী নোহোৱাকৈ ৰাস্তাত দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷