বহু বিবাহ বন্ধ কৰাৰ বাবে শীঘ্ৰে ৰাজ্যত প্ৰণয়ন হ’ব কঠোৰ আইন ৷ অহা ৪৫ দিনৰ ভিতৰত এই বিধেয়কৰ চূড়ান্ত খচৰা প্ৰস্তুত কৰা হ’ব ৷ আজি এই কথা এক টুইটযোগে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷
উল্লেখ্য যে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ৰূমী কুমাৰী ফুকনৰ নেতৃত্বত এখন কমিটী গঠন কৰিছিল ৷ এই কমিটীখনে ৰাজ্য চৰকাৰক বহুবিবাহ বন্ধৰ বিধেয়ক সন্দর্ভত প্ৰতিবেদন দাখিল কৰিছিল ৷ ইয়াৰ পাছতে বিধেয়ক সন্দর্ভত ৰাজহুৱা মতামত বিচাৰে চৰকাৰে ৷
– Update on proposed bill for banning polygamy –
We have received a total of 149 suggestions in response to our public notice. Out of these, 146 suggestions are in favor of the bill, indicating strong public support. However, 3 organizations have expressed their opposition to the…— Himanta Biswa Sarma (@himantabiswa) September 2, 2023
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে ৰাজ্য চৰকাৰে বিভিন্ন দল-সংগঠন আৰু সাধাৰণ ৰাইজৰ পৰা লাভ কৰিছে ১৪৯ টা পৰামৰ্শ । ইয়াৰে ১৪৬ টা পৰামৰ্শ বহু বিবাহ বন্ধ কৰাৰ সপক্ষে প্ৰদান কৰিছে । এয়া ৰাইজৰ সমৰ্থন বুলি টুইটযোগে মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।