সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত তথা প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া (আই চি এছ) আৰু প্ৰথম অসমীয়া স্নাতক, অধিবক্তা আনন্দৰাম বৰুৱাৰ আজি ওপজা দিন। উত্তৰ গুৱাহাটীৰ ১৮৫০ চনৰ ২১ মে’ত জন্মগ্ৰহণ কৰিছিল তেওঁ ৷ মাত্ৰ ৩৮বছৰ বয়সতে ইহলীলা সম্বৰণ কৰিলেও এইগৰাকী মহান অসমীয়াই ৰাজ্যখনৰ সাহিত্য-সামাজিক ক্ষেত্ৰলৈ আগবঢ়াই থৈ যোৱা অৱদান চিৰস্মৰণীয় হৈ ৰ’ব ৷ তেওঁৰ পিতৃ আছিল গৰ্গৰাম বৰুৱা আৰু মাতৃ আছিল দুৰ্লভেশ্বৰী বৰুৱা।
আনন্দৰাম বৰুৱাৰ জন্মদিনটো ৰাজ্যৰ ভিন্ন প্ৰান্তত উদযাপন কৰা হয় ৷ গুৱাহাটী মহানগৰীতো বিভিন্ন কার্যসূচীৰ আয়োজন কৰা হৈছে । চানমাৰীৰ উৰণীয়া সেতুৰ এটা মূৰত থকা আনন্দৰাম বৰুৱাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লালগণেশস্থিত বিবেকানন্দ কল্যাণ কেন্দ্ৰ জাতীয় শিক্ষা নিকেতনৰ শিক্ষক আৰু একাংশ ছাত্ৰ-ছাত্ৰীয়ে। পুৱাৰ ভাগতে অনুষ্ঠিত হয় এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। এই শিক্ষানুষ্ঠানখনে প্ৰতিবছৰেই এই অনুষ্ঠানটি অনুষ্ঠিত কৰি আহিছে।
উল্লেখ্য যে ১৪ বছৰ বয়সত আনন্দৰাম বৰুৱা কলিকতা বিশ্ববিদ্যালয়ৰ বাছনি পৰীক্ষাত উত্তীৰ্ণ হয়, আৰু কলিকতাৰ ‘প্ৰছিডেন্সী কলেজ’ত এফ. এ. পঢ়িবলৈ লয়। ১৮৬৬ চনত তেওঁ এফ.এ. পৰীক্ষাত প্ৰথম বিভাগৰ ষষ্ঠ স্থান অধিকাৰ কৰে, আৰু গণিত বিভাগত ‘ডাফ’ বৃত্তি লাভ কৰে। কলিকতা বিশ্ববিদ্যালয়ৰ বি. এ. পৰীক্ষাত তেওঁ তৃতীয় স্থান লাভ কৰে। ইয়াৰ পাছত তেখেতে উচ্চ শিক্ষাৰ বাবে বৃত্তি লৈ ইংলেণ্ডলৈ যায়।
১৮৬৯ চনত আনন্দৰাম বৰুৱাই ইংলেণ্ডত ভৰি দিয়ে। তেওঁ লণ্ডন বিশ্ববিদ্যালয়ত বিজ্ঞান আৰু ‘মধ্য টেম্পল’ত (Middle Temple) আইনৰ শিক্ষা গ্ৰহণ কৰে। একলগে তেওঁ প্ৰশাসনীয় সেৱাৰ সহায়িকা বিষয়তো যোগদান কৰে। ১৮৭০ চনত তেওঁ ‘ভাৰতীয় প্ৰশাসনীয় সেৱা’ৰ পৰীক্ষাত উত্তীৰ্ণ হয়। ১৮৭১ চনত তেখেতে আইনৰ পৰীক্ষাতো উত্তীৰ্ণ হয়। একেটা বছৰতে তেওঁ বি. এছ.চি ডিগ্ৰীও লাভ কৰে। আনন্দৰাম বৰুৱা অসমৰ প্ৰথম গ্ৰেজুৱেট, অধিবক্তা আৰু প্ৰশাসনীয় বিষয়া। ভাৰতীয় প্ৰশাসনীয় সেৱাৰ তেওঁ পঞ্চম গৰাকী বিষয়া।
১৮৭৭-১৮৮০ চনৰ ভিতৰত আনন্দৰাম বৰুৱাই তিনিটা খণ্ডত ইংৰাজী-সংস্কৃত অভিধান প্ৰণয়ন কৰে। প্ৰথম খণ্ড প্ৰকাশ হয় ১৮৭৭ চনত ৷ দ্বিতীয় খণ্ড প্ৰকাশ হয় ১৮৭৮ চনত । আনহাতে তৃতীয় খণ্ড প্ৰকাশ পায় ১৮৮০ চনত। তেওঁ আন বহুকেইখন গুৰুত্বপূর্ণ গ্ৰন্থেৰে অসমীয়া সাহিত্যৰ ভড়াল চহকী কৰি থৈ গৈছে ৷ ১৮৮৯ চনৰ জানুৱাৰী মাহৰ ১৯ তাৰিখে তেওঁৰ মৃত্যু হয়।