নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তত বান পৰিস্থিতি আজিও অপৰিবৰ্তিত হৈ আছে । চলিত বৰ্ষৰ দ্বিতীয় বৰ্ষৰ দ্বিতীয়টো বানে এই অঞ্চলবোৰৰ ৰাইজৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে । ইয়াৰ মাজতে এসপ্তাহ পূৰ্বে বিয়লি ফুলগুৰি-দেওবালিত থকা কলং নদীৰ মথাউৰিটো বাঢ়নী পানীয়ে ছিঙি নিয়াৰ ফলত ন ন অঞ্চল প্লাৱিত হৈছে । ষ্মৰ্তব্য যে ২০০৪ চনৰ প্ৰলয়ংকৰী বানৰ দৰে চলিত বৰ্ষতো বৃহত্তৰ ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত কুৰিখনৰো অধিক গাঁও আজিও জলমগ্ন হৈ আছে ।
চলিত বানত ফুলগুৰি,দেওবালি,কাকতি গাঁও,দীঘলদৰি,সৰাগাঁও,ৰণথলী, ম’হগড়,গড়মূৰ,দলংবন্ধা,কহিগুৰি,কটহগুৰি,গান্ধীবড়ি,টাঙোনমৰা,পেটবঢ়া,জানছিগা,জাগীয়ালকে ধৰি অঞ্চলটোৰ বৃহত্তৰ অঞ্চলটোৰ বহু হাজাৰ বিঘা কৃষিভূমিৰ লগতে ঘৰ-বাৰী জলমগ্ন হৈছে । ইতিমধ্যে অঞ্চলটোৰ গঞাই ফুলগুৰি উচ্চ মাধ্যমিক,ফুলগুৰি প্ৰাথমিক বিদ্যালয়,ফুলগুৰিৰ বজাৰ গৃহ,ৰণথলীৰ চাৰিলেনযুক্ত ঘাইপথৰ কাষৰ ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰিছে । বৃহত্তৰ অঞ্চলটোত বাঢ়নী পান প্ৰতিদিনে দ্ৰুত গতিৰে কাষৰীয়া অঞ্চললৈ সম্প্ৰসাৰিত হোৱাত ৰাইজ অধিক আতংকিত হৈছে । ইপিনে বানৰ কৱলত ডাকৰঘাট,কৃষ্ণাইখাট,বৰজহা,ৰণথলী,দেওধৰ,ৰঙাচিলা,উজনিকুৰি,বিহুচোৱাবৰ আদি অঞ্চলৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে ।
যাৰ ফলত অঞ্চলবাসী অধিক আতংকিত হৈ পৰিছে । আনকি পূৰ্বতে স্থাপন কৰা শিবিৰসমূহত বন্যাৰ্তৰ আশ্ৰয়ৰ বাবে ঠাইৰ অভাৱ ঘটাত ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে । এনে অৱস্থাত জিলা প্ৰশাসনৰ ফালৰ পৰা বন্যাৰ্তৰ বাবে পৰ্যাপ্ত সা-সুবিধাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উঠিছে । অভিযোগ মতে চৰকাৰৰ ফালৰ পৰা পয্যাপ্ত সাহাৰ্য লাভ নকৰাত বন্যাৰ্তই খাদ্য আৰু খোৱাপানীৰ বাবে হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে । তদুপৰি বানৰ এনে বিভীষিকাৰ বাবে পোহনীয়া জীৱ-জন্তুৰ বিলৈ-বিপত্তি দেখা দিছে তাক লৈ গঞা চিন্তিত হৈ পৰিছে ।