এজন ফুটবল খেলুৱৈ সাঁতুৰিবলৈ নদীলৈ নামি গ’ল। কিন্তু সেই সময়ত পানীত এটা বিশাল কুম্ভীৰ লুকাই থকা বুলি তেওঁ অৱগত নাছিল । ফুটবলাৰজনে সাঁতুৰিবলৈ আৰম্ভ কৰাৰ কিছু সময়ৰ পাছতে কুম্ভীৰটোৱে আক্ৰমণ কৰে ফুটবলাৰজনক। কুম্ভীৰটোৰ আক্ৰমণত মৃত্যু হয় ফুটবলাৰজনৰ ৷ কোষ্টা ৰিকাৰ গুয়ানাকাষ্টে প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি ২৯ জুলাইত ২৯ বছৰীয়া ফুটবলাৰ লোপেজ ডিপ’ৰ্টিভ’ গুয়ানাকাষ্টেৰ ৰিঅ’ কানাছ নদীত গা ধুবলৈ নামিছিল। নদীত গা ধুই থকা অৱস্থাত কুম্ভীৰটোৱে তেওঁক আক্ৰমণ কৰে। থিতাতে তেওঁৰ মৃত্যু হয়।
এই ঘটনাৰ কেইবাটাও ভিডিঅ’ ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’বোৰত প্ৰকাণ্ড কুম্ভীৰটোৱে লোপেজৰ মৃতদেহ মুখত লৈ পানীত সাঁতুৰি থকা দেখা গৈছে। স্থানীয় ৰাইজে বিষয়টো দেখি কুম্ভীৰটোক খেদি পঠিয়াবলৈ চেষ্টা কৰে ৷ কিন্তু সেই মুহুর্তলৈকে কুম্ভীৰৰ আক্ৰমণত ফুটবলাৰজনৰ মৃত্যু ঘটে ৷
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লোপেজে পত্নী আৰু দুটা সন্তানৰ সৈতে বাস কৰিছিল। তেওঁ আগতে স্থানীয় ৰিঅ’ কানাছ দলৰ হৈ ফুটবল খেলিছিল।