ভাৰতৰ মুঠ ৩৬ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ ভিতৰত ৩৪ খনৰে চুকে কোণে বিয়পি পৰা বন্ধন বেংক সকলোৰে পৰিচিত। মহিলাসকলক আত্মনিৰ্ভৰশীল কৰি তুলিবলৈ ঋণ আগবঢ়োৱা ৩০,০০০ কোটিৰ বেংক বন্ধন বেংকৰ প্ৰতিস্থাপক হৈছে চন্দ্ৰ শেখৰ ঘোষ।
ত্ৰিপুৰাৰ নিৱাসী চন্দ্ৰ শেষৰ ঘোষৰ পৰিয়াল আৰ্থিকভাৱে বৰ স্বচ্ছল নাছিল। দেউতাকৰ এখন সৰু মিঠাইৰ দোকান আছিল। ঘৰখনক আৰ্থিক সকাহ প্ৰদান কৰিবলৈ চন্দ্ৰ শেখৰ ঘোষে গাখীৰ বিক্ৰী কৰিছিল, সৰু সৰু ল’ৰা ছোৱালীক টিউছন কৰিছিল। দেউতাকৰ দোকানত কাম কৰিছিল। এনেকৈয়ে তেওঁ ঢাকা বিশ্ব বিদ্যালয়ৰ পৰা পৰিসংখ্যা বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছিল।
৫০০০ টকাৰ এটা সৰু চাকৰিৰে নতুন জীৱন আৰম্ভ কৰিলে। বহু বছৰ চাকৰি কৰাৰ পিছত বাংলাদেশৰ ভিলেজ ৱেলফেয়াৰ ছচাইটিত যোগদান কৰি মহিলা সৱলীকৰণত সহযোগ কৰিবলৈ সুযোগ লাভ কৰে। সেই সময়তে মহিলাসকলৰ বাবে কিবা এটা কৰাৰ কথা মনলৈ আহে।
২০০১ চনত মহিলাসকলক আত্মনিৰ্ভৰশীল হ’বলৈ ক্ষুদ্ৰ ঋণ আগবঢ়োৱা আৰম্ভ কৰে। লাহে লাহে এই ক্ষুদ্ৰ প্ৰয়াসে প্ৰসাৰতা লাভ কৰে। ফলত ২০১৫ চনৰ পৰা বন্ধন ফাইনেন্সিয়েল চাৰ্ভিছ আৰম্ভ কৰে।
আজি প্ৰায় ৫৫০০ শাখা যুক্ত বন্ধন বেংকৰ সৈতে ভাৰতৰ প্ৰায় ২ কোটি ৩৫ লাখ মানুহ জড়িত হৈ আছে। ব্যক্তিগত লাভালাভৰ উপৰিও মহিলাসকলক আৰ্থিক সকাহ প্ৰদান কৰি এক জনকল্যাণমূলক কাৰ্য্যসূচী ৰূপায়ন কৰি গৈছে।
মনত দৃঢ় বিশ্বাস আৰু মহৎ উদ্দেশ্য সন্মুখত থাকিলে মানুহে সকলো সম্ভৱ কৰিব পাৰে। চন্দ্ৰ শেখৰ ঘোষ সকলোৰে বাবে প্ৰেৰণা হৈ ৰৈছে।