নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি ওড়িশাৰ নৱনিৰ্বাচিত বিজেপি চৰকাৰে জগন্নাথ মন্দিৰৰ চাৰিখন দুৱাৰ মুকলি কৰে। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী মোহন মাঝিৰ চৰকাৰে পুৰণি মন্দিৰৰ ৰক্ষণাবেক্ষণ আৰু উন্নয়নৰ বাবে ৫০০ কোটি টকাৰ বিশেষ পুঁজি প্ৰদানৰ কথা ঘোষণা কৰে।
বুধবাৰে মুখ্যমন্ত্ৰী মোহন মাঝিৰ কেবিনেটৰ প্ৰথমখন বৈঠকত মন্দিৰৰ চাৰিখন দুৱাৰ খুলি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ক’ভিডৰ সময়ত ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ নেতৃত্বতাধীন বিজেডি চৰকাৰে মন্দিৰৰ চাৰিখন দুৱাৰ বন্ধ কৰাৰ সিদ্ধান্ত লয়। তীৰ্থযাত্ৰীসকলক মাত্ৰ এখন গেটেৰেহে প্ৰৱেশ কৰিবলৈ দিয়া হৈছিল। যাৰবাবে তীৰ্থযাত্ৰীসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু এইবাৰ ওড়িশাৰ নৱনিৰ্বাচিত চৰকাৰে মন্দিৰৰ চাৰিওখন দুৱাৰ মুকলি কৰি দিয়ে।
বৃহস্পতিবাৰে পুৱা মুখ্যমন্ত্ৰী মাঝিয়ে ওড়িশাৰ বিজেপি বিধায়কসকলৰ সৈতে জগন্নাথ মন্দিৰলৈ আহে । মন্দিৰত তেওঁ মঙ্গল আৰতি কৰে । পুৰীৰ সাংসদ সম্বিত পাত্ৰ, বালেশ্বৰৰ সাংসদ প্ৰতাপ চন্দ্ৰ সাৰংগীও মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত থাকে।