সঘনাই ভূমিকম্পৰ জোঁকৰণি অনুভূত হৈছে অসমসহ উত্তৰ পূর্বাঞ্চলত ৷ পুনৰ আন এক মৃদু ভূমিকম্পই আজি জোঁকাৰি গ’ল অসম ৷ আজি পুৱা ৬ বাজি ২১ মিনিটত ভূমিকম্পই জোকাৰি যায় ৰাজ্য ৷ ৰিখটাৰ স্কেলত ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ২.৯ ৷ ভূমিকম্পটোৰ উৎপত্তিস্থল আছিল ধুবুৰী ৷ ভূপৃষ্ঠৰ পৰা ১০ কিল’মিটাৰ গভীৰতাত এই ভূমিকম্পটোৰ উৎপত্তি হৈছিল ৷ বিগত এসপ্তাহৰ ভিতৰত ভিতৰত এইটো হৈছে উত্তৰ পূর্বাঞ্চলত হোৱা চতুর্থটো ভূমিকম্প ৷ ইয়াৰ পূর্বে ১২ ফেব্ৰুৱাৰী , ১৩ ফেব্ৰুৱাৰী আৰু ১৫ ফেব্ৰুৱাৰী তিনিটা ভূমিকম্পই কপাঁই গৈছিল ৰাজ্য ৷