এক বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি হাত সাৰে এখন যাত্ৰীবাহী বিমান। ৰাণৱেত অৱতৰণ কৰাৰ সময়ত সন্মুখৰ চকা (লেণ্ডিং গিয়াৰ) খোল খোৱা নাছিল ৷ সেই পৰিস্থিতিত পাইলটে বিমানখন অৱতৰণ কৰিবলগীয়া হৈছিল। আমেৰিকাৰ চাৰ্লট ডগলাছ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। অৱশ্যে বিমানবন্দৰৰ সূত্ৰই দাবী কৰিছে যে এই ঘটনাত কোনো লোক আহত হোৱা নাই।
বুধবাৰে স্থানীয় সময় অনুসৰি পুৱা ৭:২৫ বজাত ডেল্টা এয়াৰলাইন্সৰ বয়িং ৭১৭ বিমানখনে ৯৬ জন যাত্ৰী আৰু ক্ৰুসহ আটলাণ্টাৰ পৰা নৰ্থ কেৰ’লিনালৈ যাত্ৰা কৰিছিল। চাৰ্লট ডগলাছ বিমানবন্দৰত অৱতৰণৰ সময়ত সংঘটিত হয় এই ঘটনা। ডেল্টা এয়াৰলাইন্সৰ মতে, বিমানবন্দৰত অৱতৰণ কৰাৰ সময়ত পাইলটে উপলব্ধি কৰিছিল যে সন্মুখৰ ‘লেণ্ডিং গিয়াৰ’ত সমস্যা হৈছে। চকা খুলি নোলোৱাকৈ পাইলটে বিমানখন অৱতৰণ কৰাৰ ৰিস্ক ল’ব বিচৰা নাছিল ৷
পাইলটে বিমানখন বিমানবন্দৰৰ এয়াৰ ট্ৰেফিক কণ্ট্ৰল (এটিচি) টাৱাৰৰ পৰা আঁতৰাই আনে। তেওঁ এই সমস্যাৰ বিষয়ে এ টি চিক খবৰ দিয়ে। কেৱল সেয়াই নহয়, জৰুৰীকালীন অৱতৰণৰ বাবেও অনুমতি লয় ৷ অৱশেষত তেওঁক অনুমতি দিয়া হ’ল। গ্ৰীণ চিগনেল পোৱাৰ পিছত পাইলটে অতি আত্মবিশ্বাসেৰে বিমানখন ৰাণৱেৰ কাষেৰে নমাই আনিলে। বিমানখনে ৰাণৱেৰ মাটি স্পৰ্শ কৰাৰ লগে লগে বিমানখনৰ সন্মুখৰ অংশটো গতি কৰিবলৈ ধৰিলে। তীব্ৰ জোকাৰণিৰ ফলত যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয়। যাত্ৰীসকলক নিৰাপদে বিমানখনৰ পৰা নমাই অনাৰ ব্যৱস্থা আগতীয়াকৈ কৰা হৈছিল। বিমানখনে ৰাণৱে স্পৰ্শ কৰাৰ লগে লগে যাত্ৰীসকলক খৰখেদাকৈ বিমানৰ পৰা নমাই দিয়া হয়। ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচনে ইয়াৰ তদন্ত চলি আহিছে ৷