আপোচবিহীন জাতীয়তাবাদী, অসম আন্দোলনৰ নেতা প্ৰণৱজিৎ চলিহাৰ আজি শেষকৃত্য সম্পন্ন কৰা হয় ৷ ফুকন নগৰ শ্মশানত ৰাজ্যিক মর্যাদাৰে তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷ শিৱসাগৰৰ বিভিন্ন দল- সংগঠনৰ নেতৃবৃন্দৰ লগতে অসংখ্য গুণমুগ্ধৰ উপস্থিতিত চলিহাৰ শেষকৃত্য সম্পন্ন কৰা হয় ৷
উল্লেখ্য যে দীর্ঘদিন ধৰি হাওঁফাওৰ সংক্ৰমণৰ বাবে অসুস্থ হৈ আছিল অসম আন্দোলনৰ অগ্ৰণী নেতাগৰাকী ৷ দীর্ঘদিন ধৰি চিকিৎসাধীন হৈ থকাৰ অন্তত কালি তেওঁৰ বিয়োগ ঘটে ৷ ইয়াৰ পাছতে তেওঁৰ নশ্বৰ দেহ শিৱসাগৰৰ বাসগৃহলৈ লৈ যোৱা হয় ৷ য’ত বহুসংখ্যক গুণমুগ্ধই তেওঁলৈ শেষশ্ৰদ্ধা জ্ঞাপন কৰে ৷ নিশাটো বাসভৱনতে ৰখা হয় তেওঁৰ নশ্বৰ দেহ ৷ আজি বিশিষ্ট নেতা গৰাকীলৈ শ্ৰদ্ধা জনায় শিৱসাগৰৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ ৰখা হয় ৷
লক্ষণীয় যে দেশ কঁপোৱা তিনিটাকৈ গণ আন্দোলনত সন্মুখৰ পৰা নেতৃত্ব দিছিল প্ৰণৱজিৎ চলিহা ওৰফে ৰমুৱে ৷ তেওঁৰ আপোচবিহীন স্থিতিৰ বাবে সেই সময়ত কঁপি উঠিছিল কংগ্ৰেছ চৰকাৰ ৷ অসমীয়া জাতিৰ হকে কোনোদিনে মাত মাতিবলৈ ভয় নকৰা তেওঁ আছিল সর্বহাৰাৰ কণ্ঠস্বৰ ৷ অদম্য সাহসী এই গৰাকী ছাত্ৰনেতাই ৭০ ৰ দশকত ব’র্ডিং খেলপথাৰত ক’গ্ৰেছ নেত্ৰী ইন্দিৰা গান্ধীয়ে ভাষণ দি থকাৰ সময়তে মাইক্ৰফোন দলিয়াই দিছিল ৷ এনে এগৰাকী নেতাৰ মৃত্যুত স্বাভাৱিকতে শোকাভিভুত কৰি তুলিছে ৰাজ্যবাসীক ৷ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ পিতৃ হৈছে প্ৰণৱজিৎ চলিহা ৷