আস্থাভোটত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিলে ঝাৰখণ্ডৰ নতুন মুখ্যমন্ত্ৰী চম্পাই ছোৰেনে। তেওঁ লাভ কৰে ৪৭টা ভোট। তেওঁৰ বিৰুদ্ধে ২৯ জন ভোট কৰে ৷ ঝাৰখণ্ড বিধানসভাৰ মুঠ আসনৰ সংখ্যা হ’ল ৮১খন। ইয়াৰ ভিতৰত সংখ্যাগৰিষ্ঠৰ সংখ্যা ৪১। অৰ্থাৎ ৪১টা ভোট লাভ কৰিলে তেওঁৰ চৰকাৰৰ স্থায়ীতা নিশ্চিত হ’লহেতেন ৷ আস্থা ভোটৰ পিছত নতুন চৰকাৰে প্ৰয়োজনতকৈ ছটা ভোট অধিক লাভ কৰা দেখা গ’ল।
জেএমএম-কংগ্ৰেছ-আৰজেডি মিত্ৰজোঁটৰ মুঠ ৪৭ গৰাকী বিধায়ক আছে ঝাৰখণ্ডত। ইয়াৰ বাহিৰেও বিজেপিৰ ২৫ জন বিধায়ক, সদৌ ঝাৰখণ্ড ছাত্ৰ সন্থাৰ তিনিজন বিধায়ক আৰু চিপিআই (এমএল)ৰ এজনকৈ বিধায়ক আছে । শাসকীয় মিত্ৰজোঁটৰ প্ৰতি চিপিআই (এমএল)ৰ সমৰ্থন আছে। আনহাতে ঝাৰখণ্ড বিধানসভাত আছে তিনিজন নিৰ্দলীয় বিধায়ক। শাসকীয় মিত্ৰজোঁটৰ সকলোৱে নতুন চৰকাৰৰ পক্ষত ভোটদান কৰে।
সোমবাৰে ঝাৰখণ্ড বিধানসভাৰ অধ্যক্ষই আস্থা ভোট গ্ৰহণ কৰে। যিসকলে মুখ্যমন্ত্ৰী ছোৰেণৰ সমৰ্থনত আছে তেওঁলোকক প্ৰথমে থিয় দিবলৈ কোৱা হৈছে। ৪৭ গৰাকী বিধায়কে থিয় হৈ সমৰ্থন প্ৰকাশ কৰে। ইয়াৰ পিছত কাৰ বিৰোধ কৰাসকলক থিয় হ’বলৈ কোৱা হয় ২৯ জন বিধায়ক থিয় হয় । ইয়াৰ পিছতে আস্থাভোটৰ ফলাফল ঘোষণা কৰা হয়।
ভূমি জালিয়াতিৰ গোচৰত ইডিয়ে হেমন্ত ছোৰেনক গ্ৰেপ্তাৰ কৰাৰ পিছতে ঝাৰখণ্ড চৰকাৰ অস্থিৰ হৈ পৰে। গ্ৰেপ্তাৰৰ পূৰ্বে হেমন্ত ছোৰেনে ৰাজভৱনলৈ গৈ পদত্যাগ কৰে। শুকুৰবাৰে ৰাজভৱনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে নতুন মুখ্যমন্ত্ৰীয়ে ৷ অৱশ্যে ৰাজ্যপাল চি পি ৰাধাকৃষ্ণনে ১০ দিনৰ ভিতৰত সংখ্যাগৰিষ্ঠতাৰ প্ৰমাণ দিবলৈ নির্দেশ দিছিল চম্পাই ছোৰেনক ৷ সম্প্ৰতি ইডিৰ জিম্মাত আছে প্ৰাক্তন ৰাষ্ট্ৰপতি হেমন্ত ছোৰেন ।