ৰাজ্যৰ সৰিয়হ খেতিৰে জড়িত কৃষকৰ বাবে সুখবৰ ৷ ১৫ মাৰ্চৰ পৰা ১৫ জুনলৈ ন্যূনতম সমৰ্থিত মূল্যত দ্বিতীয়বাৰৰ বাবে কৃষকৰ পৰা সৰিয়হ ক্ৰয় কৰিব চৰকাৰে ৷ প্ৰতি কুইন্টলত ৫,৬৫০ টকা নির্ধাৰণ কৰা হৈছে ৷ অসমৰ বিভিন্ন জিলাত থকা সৰিয়হ ক্ৰয় কেন্দ্ৰসমূহত কৃষকে সৰিয়হ বিক্ৰী কৰিব পাৰিব
অৱশ্যে বিক্ৰীৰ বাবে কৃষকসকল সংশ্লিষ্ট প’র্টেলত পঞ্জীয়নভুক্ত হোৱাটো বাধ্যতামূলক ৷ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ পৰা কৃষক-প্রমাণপত্র সংগ্রহ কৰিব লাগিব ৷ কৃষক-প্রমাণপত্ৰৰ লগতে আধাৰ কার্ড, বেংক পাছবুকৰ প্রতিলিপি আৰু ম’বাইল নম্বৰ সংশ্লিষ্ট কর্তৃত্বশীল বিষয়াব ওচৰত জমা দিব লাগিব ৷
অসমৰ বিভিন্ন জিলাত থকা সৰিয়হ ক্রয় কেন্দ্ৰসমূহত সৰিয়হ বিক্ৰী কৰিব পাৰিব ৷ সৰিয়হৰ নির্দীষ্ট মান নির্ধাৰণ কৰি দিয়া হৈছে ৷সেই অনুসৰি মিহলি হৈ থকা বর্জ্য পদার্থ সর্বোচ্চ ২ শতাংশ হ’ব পাৰিব ৷ টোৰিয়াকে সামৰি মিহলি হৈ থকা আন শস্য সর্বোচ্চ ১০ শতাংশ ৷ মিহলি হৈ থকা অপৈণত, পতনুরা আদি সর্বোচ্চ ৪ শতাংশ
মিহলি হৈ থকা পচা, পোকে খোৱা সৰিয়হ আদিৰ সর্বোচ্চ পৰিমান ২ শতাংশ ৷ মিহলি হৈ থকা সৰু তথা নিশকতীয়া শস্যৰ সর্বোচ্চ পৰিমান ১০ শতাংশ ৷ আর্দ্রতা নির্ধাৰণ কৰা হৈছে সর্বোচ্চ ৮ শতাংশ ৷