গুৱাহাটী ৫ চেপ্তেম্বৰ, ২০২৩: গুৰু-শিষ্য পৰম্পৰা মহান হিন্দু সংস্কৃতিৰ এক অন্যতম বৈশিষ্ট্য। যিদৰে দেৱতাসকলৰ গুৰু বৃহস্পতি আৰু দানৱসকলৰ গুৰু শুক্ৰাচাৰ্য, সেইদৰে শ্ৰীৰামচন্দ্ৰৰ বশিষ্ঠ, শ্ৰীকৃষ্ণৰ সন্দীপনি আৰু পৰৱৰ্তী কালত শ্ৰীমন্ত শংকৰদেৱ-মাধৱদেৱ ৰামদাস-শিৱাজী, ৰামকৃষ্ণ পৰমহংস- বিবেকানন্দ ইত্যাদি ভাৰতবৰ্ষৰ অতুলনীয় গুৰু-শিষ্যৰ পৰম্পৰাৰ বাস্তৱ প্ৰতিচ্ছবি। গুৰু অবিহনে শিষ্যৰ যিদৰে জ্ঞান অসম্পূর্ণ, তেনেদৰে শিষ্যৰো গুৰুৰ প্ৰতি শ্ৰদ্ধা অবিহনে জ্ঞানৰ পূৰ্ণতা প্ৰাপ্তি নহয়। সেয়েহে ভগৱান শ্ৰীকৃষ্ণই গীতাত কৈছে- ‘শ্ৰদ্ধাবান লভতে জ্ঞানম্’।
গুৰু শিষ্যৰ এই পৰম্পৰা অক্ষুন্ন ৰখাৰ প্ৰয়াসেৰে অসমৰ এক অগ্ৰণী সামাজিক-সাংস্কৃতিক সংস্থা ‘প্ৰজ্ঞা’ই প্ৰতিবছৰৰ দৰে এইবছৰো ৫ চেপ্তেম্বৰ তাৰিখে অসমৰ ২৬ খন জিলাত ৭৮ টা কাৰ্যক্ৰমৰ আয়োজন কৰে। এই কাৰ্যক্ৰমসমূহত ১০০০ ৰো অধিক শিক্ষক-শিক্ষয়িত্ৰীৰ চৰণ বন্দনা আৰু সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সমগ্ৰ অসমতে ছাত্ৰ-ছাত্ৰীকে লৈ পাঁচ সহস্ৰাধিক লোকে এই অনুষ্ঠানসমূহত অংশ লয়।
কাৰ্যক্ৰমত প্ৰথমে ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাগুৰুসকলৰ চৰণ ধুৱাই আশীৰ্বাদ লয়, আৰু গুৰুবন্দনাৰ পবিত্ৰ মন্ত্ৰোচ্চাৰণৰে সৈতে তেখেতসকলৰ আৰতি কৰে। পাছত প্ৰতিটো কাৰ্যক্ৰমত একোজন সমাজৰ বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৫ চেপ্তেম্বৰৰ শিক্ষক দিৱস আৰু প্ৰাচীন ভাৰতীয় গুৰুকুল পৰম্পৰাৰ বিষয়ে বক্তব্য প্ৰদান কৰা হয়। কাৰ্যক্ৰমত অংশ লৈ কেইবাগৰাকী শিক্ষক-শিক্ষয়িত্ৰী আবেগিক হৈ পৰে।