পাহাৰৰ পৰা নামি আহিব মামা-মামী ৷ বস্তুৰ বিনিময়ত দি যাব তেওঁলোকৰ উৎপাদিত সামগ্ৰী ৷ দশকজোৰা এনে পৰম্পৰাৰেই ১৮ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ অনুষ্ঠিত হ’ব ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা। মৰিগাওঁ জিলাৰ জাগীৰোডৰ জোনবিলৰ পাৰত অনুষ্ঠিত হৈ আহিছে এই মেলা ৷ আগন্তুক মেলাৰ প্ৰস্তুতি প্ৰায় সম্পূর্ণ হৈছে ৷এইবাৰো পূৰ্বৰ দৰেই কৃষিজাত সামগ্ৰীৰ মেটমৰা ভাণ্ডাৰ লৈ কাৰ্বি আংলং আৰু মেঘালয়ৰ শতাধিক গাঁৱৰ পৰা মামা-মামীসকল জোনবিল মেলালৈ আহিব।
সমান্তৰালকৈ জোনবিলত কুকুৰা যুঁজ আৰু সমূহীয়া মৎস্য চিকাৰ অনুষ্ঠিত হ’ব ৷ ১৯ জানুৱাৰীত হ’বলগীয়া ৰাজদৰবাৰত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ৷ এই অনুষ্ঠানতে মধ্য অসমৰ ১৯ গৰাকী তিৱা ৰজাক ৰাজভাট্টা প্রদান কৰিব মুখ্যমন্ত্ৰীয়ে ।
এইবেলি জোনবিল মেলাৰ বাবে ৰাজ্য চৰকাৰে ৩বিঘা মাটি প্রদান কৰাৰ লগতে মেলাস্থলীত দুটা অতিথিশালা, পৰ্যটকৰ জিৰণিৰ বাবে পথৰ কাষত ১২খন স্থায়ী আসন পোহৰৰ বাবে ১০টা চোলাৰ লাইট স্থাপন, সৌন্দৰ্য্য বর্ধনৰ বাবে গছপুলি ৰোপণৰো ব্যৱস্থা কৰিছে।