নগাওঁ জিলাৰ লংকাৰ কাৰিখানাত নৱ বিবাহিত দম্পতী ৰহস্যজনক মৃত্যুৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । কোঠাৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে দম্পত্তীটো ৷ মৃত স্বামী–স্ত্ৰীৰ নাম সুৰজ দাস আৰু ৰুমী দাস বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। স্বামী–স্ত্ৰীৰ মৃত্যুৰ প্ৰকৃত কাৰণ এতিয়াও পোহৰলৈ অহা নাই ৷ দুবছৰ পূৰ্বে সুৰজ আৰু ৰূমী বিবাহ পাশত আৱদ্ধ হৈছিল ।
উল্লেখ্য যে মৃত সূৰুজ দাস পূজাৰ পিছত জ্যেষ্ঠ ভাতৃৰ সৈতে কৰ্মসূত্ৰে দিল্লীলৈ যোৱাৰ কথা আছিল ৷ মৃত দাস পূজাৰ সময়ত দিল্লীৰ পৰা ঘৰলৈ আহিছিল ৷