ভাৰতত বিলুপ্তপ্ৰায় হৈ পৰা চিতা বাঘ পুনৰ দেখা যাব দেশৰ বনাঞ্চলসমূহত ৷ অহা ১৭ ছেপ্টেম্বৰত সুদূৰ নামিবিয়াৰ পৰা ভাৰতলৈ অনা হ’ব চিতা বাঘ । চিতা বাঘ বিদেশৰ পৰা আনি পুনৰ দেশৰ বনাঞ্চলসমূহত ইয়াৰ সংখ্যা বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা অভিলাষী পৰিকল্পনাৰ অংশ হিচাপে অনা হ’ব ৷ প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনাই ভাৰতলৈ অনা হ’ব চিতা বাঘ ৷ ভাৰতত বিলুপ্ত হোৱাৰ সত্তৰ বছৰৰ পাছত আফ্ৰিকাৰ নামিবিয়াৰ পৰা আঠটা চিতাবাঘ ভাৰতলৈ অনা হ’ব। ইয়াৰ পিছতে তেওঁলোকক মধ্যপ্ৰদেশৰ কুনো-পালপুৰ ৰাষ্ট্ৰীয় উদ্যানত ৰখা হ’ব ৷
চাৰিৰ পৰা ছয় বছৰৰ ভিতৰৰ পাঁচটা মাইকী আৰু তিনিটা মতা চিতা বাঘ চাৰ্টাৰ্ড কাৰ্গো বিমানেৰে ভাৰতলৈ অনা হ’ব ৷ যিখন বিমানে ১৬ ছেপ্টেম্বৰত নামিবিয়াৰ ৰাজধানী উইণ্ডহ’কৰ পৰা উৰা মাৰিব। ১০ ঘণ্টাৰো অধিক যাত্ৰাৰ অন্তত শনিবাৰে পুৱা ৰাজস্থানৰ জয়পুৰত চিতা বাঘ সহ অৱতৰণ কৰিব বিমানখন ৷
উৰণৰ সময়ছোৱাত বাঘকেইটা ১১৪ চেণ্টিমিটাৰ X ১১৮ চেণ্টিমিটাৰ X ৮৪ চেণ্টিমিটাৰ জোখৰ পিঞ্জৰাত ৰখা হ’ব। এই বিমানত ভাৰত, নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ তিনিজন পশু চিকিৎসকো লগত থাকিব ৷
চিতা বাঘ কেইটাক স্থানান্তৰিত কৰাৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে জানিবলৈ দিয়ে। জয়পুৰত বিমান অৱতৰণ কৰাৰ পিছত হেলিকপ্টাৰেৰে চিতাকেইটাক কুনো-পালপুৰ ৰাষ্ট্ৰীয় উদ্যানলৈ লৈ যোৱা হ’ব। ইয়াৰ বাবে ৪০ মিনিট সময় লাগিব। উদ্যানখনত এটা অস্থায়ী হেলিপেড নিৰ্মাণ কৰা হৈছে।
প্ৰধানমন্ত্ৰীয়ে জন্মদিনৰ দিনা কুনোত চিতাকেইটাক মুকলি কৰি দিব ৷ এমাহৰ বাবে তেওঁলোকক বৃহৎ কোৱাৰেণ্টাইন ঘেৰাওত ৰখা হ’ব। ইয়াৰ ফলত তেওঁলোকে যদি কোনো ৰোগ কঢ়িয়াই লৈ ফুৰিছে তেন্তে তেওঁলোকৰ ওপৰত চকু ৰাখিবলৈ সহায়ক হ’ব ৷তদুপৰি নতুন পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ সহায়ক হ’ব।
বনাঞ্চলখনৰ প্ৰধান মুখ্য সংৰক্ষক জে এছ চৌহানে কয়-“প্ৰধানমন্ত্ৰী মোদীয়ে সেইদিনাই চিতা বাঘকেইটা কোৱাৰেণ্টাইন এনক্ল’জাৰত মুকলি কৰি দিব। আমি এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ পশু স্থানান্তৰ কৰাৰ সময়ত প্ৰয়োজনীয় আইনী আদেশ অনুসৰি ৬টা কোৱাৰেণ্টাইন ঘেৰাও স্থাপন কৰিছো।’প্ৰট’কল অনুসৰি চিতাবোৰক এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ স্থানান্তৰিত হোৱাৰ পূৰ্বে আৰু পিছত এমাহৰ বাবে কোৱাৰেণ্টাইনত ৰখাৰ প্ৰয়োজন আছে বুলিও তেওঁ লগতে কয়। কোৱাৰেণ্টাইন শেষ হ’লে নতুন পৰিৱেশৰ লগত খাপ খুৱাব নোৱাৰালৈকে তেওঁলোকক ছয় বৰ্গ কিলোমিটাৰৰ বৃহৎ আৱৰণত এৰি দিয়া হ’ব। ৰাষ্ট্ৰীয় উদ্যানখনৰ আয়তন ৭৪০ বৰ্গ কিলোমিটাৰ যদিও ইয়াৰ চাৰিওফালে থকা ৫ হাজাৰ বৰ্গ কিলোমিটাৰ অঞ্চলত চিতা বাঘ সমূহে মুক্তভাৱে বিচৰণ কৰিব।