কাজিৰঙাস্থিত জাতীয় অৰ্কিড আৰু জৈৱ বৈচিত্ৰ্য উদ্যানৰ নতুন পৰ্যটন বৰ্ষৰ কাৰ্যসূচী বর্নাঢ্যভাৱে মুকলি কৰা হৈছে ৷যোৱা ১ অক্টোবৰত নতুন পৰ্যটন বৰ্ষৰ কার্যসূচী অৰ্কিড উদ্যান কৰ্তৃপক্ষই আৰম্ভ কৰে ৷ নতুন বর্ষৰ বাবে সম্পূর্ণ সাজু হৈ উঠা বুলি উল্লেখ কৰে ৷ প্ৰতিদিনে সন্ধিয়া ৬.৩০ বজাৰ পৰা উদ্যানখনত বাৰে ৰহণীয়া সাংস্কৃতিক কার্যসূচী অনুষ্ঠিত হয় ৷ এই কার্যসূচীসমূহত লোকনৃত্য প্ৰদর্শন কৰা হয় ৷ বিহুৰ উপৰি বড়ো, ৰাভা, তিৱা আদি বিভিন্ন জাতি জনগোষ্ঠীৰ লোকনৃত্য পর্যটকসকলৰ সন্মুখত প্ৰদর্শন কৰা হয় ৷ জাতীয় উদ্যানখনৰ বিৰল অর্কিডসমূহৰ উপৰি লিকনৃত্যৰ এই কার্যসূচীয়েও পর্যটকসকলক আকর্ষণ কৰি আহিছে ৷
কালি সন্ধিয়া পৰ্যটকৰ বাবে বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত লোক নৃত্যৰ প্ৰদৰ্শন কৰা হৈছে ৷ প্ৰথম দিনা ১৪ টা লোকনৃত্যৰ প্ৰদৰ্শনেৰে সন্ধিয়াৰ কাৰ্যসূচী অনুষ্ঠিত হয় অৰ্কিড উদ্যানখনত ৷ আনহাতে, কালিৰ অনুষ্ঠানত ভাৰতৰ বিভিন্ন প্ৰান্তৰ পর্যটকসকলে অসমৰ পৰম্পৰাগত নৃত্য উপভোগ কৰি আপ্লুত হৈ পৰে ৷ তদুপৰি স্থানীয় বহুলোক এই অনুষ্ঠানত উপস্থিত থাকে ৷
কাজিৰঙালৈ অহা দেশী বিদেশী পৰ্যটকক আমোদ দিয়াৰ উদ্দেশ্যেৰে বড়ো,কাৰ্বি,মিছিং,তিৱা আদিকে ধৰি লোকনৃত্যৰ সৈতে প্ৰায় ১৪ বিধ জনগোষ্ঠীয় নৃত্য প্ৰতি সন্ধিয়া ৬ ৩০ বজাৰ পৰা ৮ ৩০ বজালৈ এতিয়াৰে পৰা প্ৰদৰ্শন কৰা হ’ব ৷