ভাৰতীয় ৰেষ্টুৰেণ্ট সমূহত আটাইতকৈ বিক্ৰী হোৱা খাদ্যসমূহৰ ভিতৰত অন্যতম হৈছে চিকেন টিক্কা মছলা ৷ ঈদ হওক বা দুৰ্গা পূজা হওক, নান বা ৰুমালি ৰুটিৰ লগতে এই খাদ্যবিধ সদায় ভাৰতীয় প্ৰিয় খাদ্যৰ তালিকাত থাকে। অৱশ্যে ভাৰতৰ এই জনপ্ৰিয় খাদ্য একেবাৰে ভাৰতীয় নহয় ৷ কিন্তু কোনে প্ৰথম প্ৰস্তুত কৰিছিল চিকেন টিক্কা মচালা ?
সত্তৰৰ দশকত আলী আহমেদ আছলামে স্কটলেণ্ডৰ গ্লাছগোত এখন সৰু ৰেষ্টুৰেণ্ট চলাইছিল। চিকেন টিক্কা কাবাবৰ সোৱাদ লোৱাৰ পিছত এজন গ্ৰাহকে তেওঁক কৈছিল – “এইটো বৰ শুকান দেখা যায়, একেবাৰে খাব নোৱাৰি”।তাৰ পিছত মালিকে এই শুকান চিকেন কাবাববোৰ কেনেকৈ কোমল আৰু ৰসাল বনাব পাৰি তাৰ বাবে চিন্তা আৰম্ভ কৰে ৷ শেষত আলী আহমেদে মাংস ৰান্ধি থাকোঁতে দৈ, ক্ৰীম আৰু কেইবাটাও মছলা মিহলাই লোৱাৰ সিদ্ধান্ত ল’লে। সেয়াই আছিল আৰম্ভনি । আলী আহমেদে পৃথিৱীৰ অন্যতম জনপ্ৰিয় খাদ্যসম্ভাৰসমূহৰ এবিধ উদ্ভাৱন কৰিবলৈ সক্ষম হয় ৷ নাম চিকেন টিক্কা মছলা। চিকেন টিক্কা মছলাৰ আৱিষ্কাৰক গৰাকীৰ শেহতীয়াকৈ দেহাৱসান ঘটে ।
মৃত্যুৰ সময়ত আলী আহমেদ আছলামৰ বয়স আছিল ৭৭ বছৰ। প্ৰায় ৫০ বছৰ আগতে আলী আহমেদে নিজৰ ৰেষ্টুৰেণ্টত চিকেন টিক্কা মছলা বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল ৷ খাদ্যপ্ৰেমীৰ মাজত তেওঁক ‘মিষ্টাৰ আলী’ বুলি জনা যায়। পাকিস্তানৰ পঞ্জাৱত জন্মগ্ৰহণ কৰিলেও তেওঁ অতি কম বয়সতে পৰিয়ালসহ স্কটলেণ্ডলৈ গুচি যায় আৰু নিজাকৈ শিছমহল নামৰ এখন ৰেষ্টুৰেণ্ট খোলে ৷