গুৱাহাটীবাসীৰ বাবে আছে এক সুখবৰ ৷ মালিগাওঁৰ মাজেৰে পাৰ হৈ যাঁওতে আপুনি আৰু ভুগিব নালাগে যান-জঁটৰ সমস্যাত ৷ অহা ৩০ আগষ্টত মুকলি কৰা হ’ব ৰাজ্যৰ সবাতোকৈ দীঘল উৰণ সেঁতুখন ৷ ৰাখী পূর্ণিমাৰ দিনা এই উৰণ সেঁতুখন মুকলি কৰা হ’ব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ কামাখ্যা মন্দিৰ পথৰ পৰা মালিগাঁৱলৈকে সংযোগ কৰা উৰণ সেতুঁখনৰ দৈর্ঘ্য ২.৬ কিল’মিটাৰ ৷ ইয়াৰ নির্মাণ ব্যয় হৈছে ৪২০ কোটি টকা ৷
মুকলি কৰাৰ পূর্বে বুধবাৰে নিশা উৰণ সেতুঁখন পৰিদর্শন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাই ৷ মালিগাঁৱৰ নিৰ্মীয়মাণ উৰণীয়া সেতু পৰিদৰ্শন কৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে বিভিন্ন বিষয়ত আলোচনা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । পৰিদৰ্শনকালত সেতুখনৰ নিৰ্মাণৰে জড়িত বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সন্দৰ্ভত বুজ লৈ নিৰ্ধাৰিত সময়ৰ ভিতৰত নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশনা প্ৰদান কৰে তেওঁ ।