গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মহাৰজত জয়ন্তী সামৰণি উৎসৱৰ প্ৰথম দিনাৰ অন্যতম কাৰ্য্যসূচী গ্ৰন্থ উন্মোচন আৰু বক্তৃতানুষ্ঠান ড° বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত শুকুৰবাৰে বিয়লি অনুষ্ঠিত হয়। অধ্যাপিকা লীলাৱতী শইকীয়া বৰাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত অসমীয়া বিভাগৰ বহু কেইগৰাকী প্ৰাক্তন শিক্ষক আৰু শিক্ষাৰ্থীৰ লগতে বৰ্তমানৰ শিক্ষক আৰু শিক্ষাৰ্থীৰ কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন ছাত্ৰী, বিশিষ্ট নিবন্ধকাৰ, ঔপন্যাসিক কল্পনা কুমাৰী দাসৰ “হোম কোৱাৰেণ্টিন” নামৰ গল্প পুথিখন উন্মোচন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড০ তৰণী ডেকাই।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু কলাগুৰু ড° উমেশ ডেকা, অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক কনক চন্দ্ৰ চহৰীয়া, ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামী, ভৱানী প্ৰসাদ আধিকাৰী প্ৰমুখ্যে বৰ্তমান আৰু প্ৰাক্তন শিক্ষক শিক্ষাৰ্থী সকল আজিৰ এই গল্প উন্মোচনী সভাত উপস্থিত থাকে।
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক কলাগুৰু ড° উমেশ ডেকাই কল্পনা কুমাৰী দাসৰ “হোম কোৱাৰেণ্টিন” গল্প পুথিখন তেওঁৰ অবিৰত সাহিত্য চৰ্চাৰ শেহতীয়া ফচল বুলি মত প্ৰকাশ কৰে। ড০ ডেকাই ইতিমধ্যে কবিতা, নাটক, উপন্যাস, প্ৰবন্ধ আদিৰে লিখিকা কল্পনা কুমাৰী দাসে অসমীয়া সাহিত্যৰ ক্ষেত্ৰখন জীপাল কৰিছে বুলিও মত প্ৰকাশ কৰে।