পর্যটক সকলৰ বাবে সুখবৰ ৷ আজিৰে পৰা পর্যটকৰ বাবে মুকলি কৰা হ’ল মানাহ ৰাষ্ট্ৰীয় উদ্যান ৷ পৰ্যটকৰ বাবে মানাহ ৰাষ্ট্ৰীয় উদ্যানত মুকলি কৰা হয় জীপ ছাফাৰী। বিটিআৰ বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে আজি আনুষ্ঠানিকভাৱে পর্যটকৰ বাবে মুকলি কৰে উদ্যানখন।এই উপলক্ষে আজি পুৱা শোভযাত্ৰা উলিওৱা হয় ৷
২০২৩-২৪ বর্ষত পর্যটক অধিক হ’ব বুলি আশা প্ৰকাশ কৰিছে উদ্যান কতৃপক্ষই ৷ ইতিমধ্যে পর্যটকসকলৰ বাবে সকলো ধৰণৰ ব্যৱস্থা কৰিছে উদ্যান কতৃপক্ষই ৷ অঞ্চলটোৰ ৰিজ’র্ট তথা হোটেলসমূহ পর্যটকৰ বাবে সাজু হৈ উঠিছে ৷ ৰাষ্ট্ৰীয় উদ্যানখনৰ সৌন্দর্য উপভোগ কৰিবলৈ দেশ বিদেশৰ বহু পর্যটকৰ আগমণ ঘটে ৷