ছিংগাপুৰত বৃদ্ধি পাইছে কৰোণাৰ নতুন ভেৰিয়েণ্ট ফ্লার্টৰ সংক্ৰমণ ৷যাৰ বাবে চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰা হৈছে। কৰোণাৰ উপ-ভেৰিয়েন্ট ‘ফ্লাৰ্ট’ৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা এসপ্তাহত দুগুণ হোৱাৰ লগে লগে ছিংগাপুৰত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে। অতিৰিক্ত টিকাকৰণৰ ওপৰতো গুৰুত্ব দিয়া হৈছে দেশখনত ৷
সেই দেশৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি ৫-১১ মে’ৰ ভিতৰত ফ্লার্ট(Flirt sub variant) ৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা প্ৰায় ২৫ হাজাৰ ৯০০ হৈছেগৈ। পূৰ্বৰ সপ্তাহত এই সংখ্যা আছিল ১৩,৭০০। অৰ্থাৎ এসপ্তাহত দুগুণ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা। কমেও ২৫০জন লোক চিকিৎসালয়ত ভৰ্তি হৈ আছে। আশংকা কৰা হৈছে যে যদি এইদৰে ফ্লাৰ্টৰ দ্বাৰা আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পাই থাকে, তেন্তে স্বাস্থ্য আন্তঃগাঁথনিৰ ওপৰত হেঁচা পৰিব, যিটো চম্ভালিবলৈ কঠিন হ’ব।
স্বাস্থ্য মন্ত্ৰালয়ে জনবসতিপূৰ্ণ অঞ্চলত মাস্ক পৰিধান কৰিবলৈ নির্দেশ দিছে ৷ যিসকলৰ সংক্ৰমণৰ আশংকা বেছি, ‘উচ্চ বিপদজনক গোট’, তেওঁলোকক অতিৰিক্ত সাৱধানতাৰ প্ৰয়োজন। মন্ত্ৰালয়ে লগতে পৰামৰ্শ আগবঢ়াইছে যে যদি যোৱা ১২ মাহত ৬০ বছৰৰ ওপৰৰ কোনোবাই এই ভেকচিনৰ অতিৰিক্ত মাত্ৰা গ্ৰহণ কৰা নাই তেন্তে সোনকালে গ্ৰহণ কৰিব লাগে।