নতুন পদ্ধতিৰে হ’ব আগন্তুক বর্ষৰ মেট্ৰিক পৰীক্ষা ৷ এই সন্দর্ভত ছেবাই আজি এক আনুষ্ঠানিক নির্দেশনা জাৰি কৰিছে ৷ সেই অনুসৰি ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ’ব ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষা।
প্ৰকাশিত নির্দেশনা অনুসৰি ৫০% নম্বৰ হ’ব অবজেক্টিভ শ্ৰেণীৰ প্ৰশ্ন ৷ । অ’এমআৰ শ্বীটত শিক্ষাৰ্থীয়ে লিখিব লাগিব উত্তৰ। বাকী ৫০ শতাংশ উত্তৰবহীত পূৰ্বৰ দৰে লিখিব লাগিব। ইয়াৰ বাবে ১৬ পৃষ্ঠাৰ উত্তৰবহী যোগান ধৰা হ’ব শিক্ষাৰ্থীক। ইংৰাজী, গণিত, সমাজ বিজ্ঞান আৰু বিজ্ঞানৰ বিষয়ৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব এই নিয়ম।অ’এমআৰ শ্বীটসমূহ হ’ব সম্পূর্ণ ব্যক্তিগত ৷ অর্থাৎ এজন শিক্ষার্থীৰ বাবে এখন অ’এমআৰ শ্বীট থাকিব ৷
শিক্ষার্থীৰ ক্ষেত্ৰতো কেতবোৰ যোগ্যতা বান্ধি দিয়া হৈছে ৷ গোট পৰীক্ষা -১ আৰু ২ ৰ লগতে নিয়মীয়াভাৱে শ্ৰেণীত উপস্থিত থকা তথা ছয়মাহিলী আৰু প্ৰিব’র্ড পৰীক্ষাত অৱতীর্ণ হোৱা শিক্ষার্থীকহে মেট্ৰিক পৰীক্ষা বহিবলৈ অনুমতি দিয়া হ’ব ৷
আনহাতে, চলিত বর্ষত যিসকলে মেট্ৰিক পৰীক্ষাত অনুত্তীর্ণ হৈছে আৰু প্ৰথম গোট পৰীক্ষাত অৱতীর্ণ হোৱা নাই , তেওঁলোকে দ্বিতীয় গোট পৰীক্ষা, ছয়মাহিলী আৰু প্ৰিব’র্ড পৰীক্ষাত অৱতীর্ণ ‘ব লাগিব ৷ তদুপৰি তেওঁলোক শ্ৰেণীত নিয়মীয়াকৈ উপস্থিত থাকিব লগিব ৷