আজি গুৱাহাটী মহানগৰীৰ পি ডব্লিঅ’ ডি কনভেনচন এণ্ড ট্ৰেইনিং চেণ্টাৰত অসমৰ বিদ্যাৰ্থী পৰিষদৰ সাংগঠনিক জিলাৰ মহাবিদ্যালয় সমূহৰ এবিভিপি গোটৰ সভাপতি – সম্পাদক আৰু নগৰ শাখাৰ সম্পাদক সকলৰ এখন সভা অনুষ্ঠিত হয়। সমগ্ৰ অসমত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব লগীয়া এই সভাৰ প্ৰথমখন সভা আজি গুৱাহাটীত অনুষ্ঠিত হয়। সভাত বিশেষ ভাৱে উপস্থিত থাকে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক আশীষ চৌহান ডাঙৰীয়া। তেখেতে উপস্থিত মহাবিদ্যালয় গোটৰ বিষয়ববীয়া সকলৰ উদ্দেশ্যি মহাবিদ্যালয়ৰ চৌহদৰ ভিতৰত বিদ্যাৰ্থী পৰিষদৰ কাম সমূহ কেনেদৰে আগবঢ়াই নিব পাৰি আৰু তাত ওপৰত বিতং ভাবে আলোকপাত কৰে। মহাবিদ্যালয়ৰ শাখা হৈছে বিদ্যাৰ্থী পৰিষদৰ আটাইতকৈ সৰু অথচ গুৰুত্বপূৰ্ণ শাখা। সেয়েহে মহাবিদ্যালয় শাখা সমূহক শক্তিশালীকৰণ কৰি অসমত বিদ্যাৰ্থী পৰিষদৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যেৰে এই বৈঠক অনুষ্ঠিত কৰা হয়।
ভাষন প্ৰসংগত তেওঁ ভাৰতবৰ্ষৰ ঐতিহ্য আৰু সংস্কৃতি, পৰম্পৰাৰ বিষয়ে উল্লেখ কৰি কয় যে এটা সময়ত ভাৰতবৰ্ষ বিশ্বৰ সকলোতকৈ সমৃদ্ধিশালী আৰু বিকশিত দেশ আছিল। কিন্তু বহিৰাগত শক্তিয়ে বাৰম্বাৰ ভাৰতবৰ্ষৰ এই ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতি আক্ৰমণ কৰিছিল। বৰ্তমান ভাৰতবৰ্ষৰ ছাত্ৰ সমাজে ভাৰতবৰ্ষক পুনৰ বিশ্বগুৰুৰ আসনত অধিষ্ঠিত কৰিবলৈ নিজৰ অৰিহনা যোগাব লাগে।
অসমৰ প্ৰেক্ষাপটৰ কথা উল্লেখ কৰি তেওঁ কয় যে অসমত শৈক্ষিক ক্ষেত্ৰৰ সকলো সমস্যা সমাধানৰ ক্ষেত্ৰত বিদ্যাৰ্থী পৰিষদ সদায় দায়বদ্ধ। ইয়াৰ উপৰিও অসমৰ অবৈধ অনুপ্ৰবেশকাৰী সমস্যাৰ সমাধানৰ ক্ষেত্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ সদায় অসমৰ জনসাধাৰণৰ লগত মিলি এই সমস্যাৰ সমাধানৰ বাবে আন্দোলন কৰি আহিছে। ইয়াৰ লগতে তেওঁ অসম আন্দোলনক সৰ্বভাৰতীয় পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ অৰিহণাৰ কথা সোঁৱৰে।
সভাত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় সহ: সাংগঠনিক সম্পাদক গোবিন্দ নায়ক ডাঙৰীয়া, উত্তৰ পূৱ ক্ষেত্ৰৰ ক্ষেত্ৰীয় সাংগঠনিক সম্পাদক কমল নয়ন ডাঙৰীয়া, অসম প্ৰদেশৰ সভাপতি ৰীতামণি বৈশ্য ডাঙৰীয়ানী, অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক হেৰল্ড মহন ডাঙৰীয়া, ৰাজ্যিক সাংগঠনিক সম্পাদক অনুপ কুমাৰ ডাঙৰীয়াৰ লগত সহ: সাংগঠনিক সম্পাদক দ্বয় বিপুল ৰাভা ডাঙৰীয়া আৰু সীমান্ত কুমাৰ বৈশ্য ডাঙৰীয়া উপস্থিত থাকে।